শেহতীয়া খবৰ
স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...

ধৰক, আজি কোনো নিউজ নাই…

মৃদুল কুমাৰ সন্দিকৈ

ধৰক এনে এটা দিন। সকলো বাতৰি চেনেল বন্ধ। বন্ধ সকলো কাকত। কাৰণ প্ৰকাশ কৰিব লগাকৈ বা বাতৰি দিব লগাকৈ কোনো বাতৰি নাই বুলি অনুভৱ কৰা হৈছে। বাতৰিৰ নামত আমি কি চাওঁ, কি পঢ়ো? হ’ব লগা খবৰবোৰ খবৰ নহয়, নহ’ব লগা খবৰবোৰ যে খবৰ হয় সেইটোৱেই এতিয়া এটা ডাঙৰ খবৰ!

মানুহ কেতিয়াবা ক্ষোভিত হয়। বাতৰিৰ নামত কি দেখুৱাই, কি লেখে সেই প্ৰশ্ন মানুহে নিজেই নিজকে কৰে। প্ৰতিযোগিতাৰ দৌৰত আমি ইমান দৌৰিছো যে কোনবোৰ খবৰ ‘খবৰ’ হ’ব পাৰে সেই কথাটোকেই পাহৰি পেলাইছো। শ্ৰেষ্ঠত্বৰ দৌৰত আমি এতিয়া এনেকৈয়ে অদায়িত্বশীল ভাৱে নিজৰ অশ্ৰেষ্ঠতাকহে উদঙাই দি সন্তুষ্টি লভিছো।

এই কথাবোৰ গভীৰভাৱে চিন্তা কৰি থাকোতেই এটা কবিতাই আন কিছু চিন্তাৰ অৱকাশ দি গ’ল। বিশিষ্ট সাংবাদিক, সম্পাদক, গল্পকাৰ মনোজ গোস্বামীয়ে লিখা কবিতাটো কেৱল এটা কবিতাই নহয়। সতীৰ্থ সাংবাদিকলৈ ক্ষমা প্ৰাৰ্থনাৰে তেওঁ কবিতাটোত লিখিছে- ”আজি কোনো নিউজ নাই/ আজি কোনোৱে কাকো ক’লা পতাকা দেখুৱা নাই/ৰে’ল লাইনৰ কাষত পৰি থকা নাই গুলিবিদ্ধ যুৱকৰ মৃতদেহ/আজি বিক্ষোভ সমদল নাই,/বন্ধ অনশন হৰতাল নাই ।/দীৰ্ঘ কনভয় লৈ আধাৰশিলা থাপিবলৈ ওলাই যোৱা নাই কোনো প্ৰতাপী নেতা ।/আজি কোনো নিউজ নাই/”

বাতৰি নহ’লে নিশ্চিত ভাৱেই বাতৰিৰ পৃষ্ঠাসমূহ উঁকা হৈ ৰ’ব। বাতৰি চেনেলবোৰ সম্প্ৰচাৰিত টেলিভিশ্যনৰ পৰ্দা ক’লা হৈয়ে থাকিব। বিশিষ্ট গল্পকাৰ মনোজ গোস্বামীয়ে কল্পনা কৰিছে সাংবাদিকবোৰ মিলি জুলি বনভোজলৈ যাব সেইদিনা- ”আজি বাতৰিকাকতৰ পৃষ্ঠা উকা ।/টেলিভিছনৰ পৰ্দাত আজি ঘনঘোৰ ব্লেক আউট ।/আজি মিলিজুলি বনভোজলৈ ওলাইছে সকলো দুধৰ্ষ সাংবাদিক ।/নিউজ এংকৰবোৰে মেকআপ খুলি ঘৰতে সঁচা মুখ লৈ বহি আছে ।/আজি কোনো নিউজ নাই”।

বাতৰিৰ নামত আমি কি কৰো? এতিয়া কেৱল সংবাদ মাধ্যমেই বাতৰি নিদিয়ে। ডিজিটেল মিডিয়াৰ উত্থান আৰু প্ৰসাৰে বাতৰি দিয়াৰ ধৰণ, বাতৰিৰ মাধ্যম সলনি কৰি পেলাইছে। মূল সংবাদ মাধ্যমে কোনোবা ইচ্যুক অৱজ্ঞা কৰিলেও ছ’চিয়েল মিডিয়াই তেনে বহু ইচ্যু মূল সূঁতি সংবাদ মাধ্যমক পৰৱৰ্তী সময়ত প্ৰচাৰ বা প্ৰকাশ কৰিবলৈ বাধ্য কৰিছে।

কোনবোৰ খবৰ ‘খবৰ’ হ’ব লাগে সেই ধৰণাগত মান, ৰুচিবোধৰ কোনো মাপকাঁঠী নাথাকিলেও, এনেবোৰ খবৰ কেতিয়াও খবৰ হ’ব নোৱাৰে যি বোৰ খবৰ পঢ়ি বা চাই মানুহে সংবাদ মাধ্যমক হাঁহে। তেনে কিছু খবৰে যেন এতিয়া গুৰুত্বপূৰ্ণ খবৰ বুলি এচামে প্ৰচাৰ, প্ৰসাৰ কৰে।

কোনোবা আলীয়ে বিয়া পাতিছে নে নাই, মুখ চুপতি মাৰি ভালপোৱা কোনো শৰ্মাই কি লিখিছে, কাৰ বেডৰুমত কি ঘটিছে সেইবোৰ খবৰ আমাক কিয় দৰকাৰ? গাঁৱৰ বিয়নী মেলবোৰত চুবুৰীয়া মহিলাই মিলি এই কথাবোৰ পাতে। তেনে অপাত দৃষ্টিত আমাৰ সংবাদ মাধ্যমবোৰ সেই আগৰ বিয়নী মেলবোৰৰ পৰ্যায়লৈ নামি গৈছে নেকি?

আজি কোনো নিউজ নাই কবিতাটোত সেয়েহে কবিয়ে লিখিছে- ”আজি লোডশ্বেডিং নাই, বতৰৰ আগলিবতৰা নাই ।/চাইৰেনৰ উদ্বেগ নাই, নাই দুৰ্ভিক্ষৰ আৰ্তি ।/উৎসৱ নাই, সংঘাত নাই,/দুৰ্নীতিৰ খবৰ নাই ,/গোপন আশ্ৰয়ত নিঃসাৰ শ্ৰান্ত ক্লান্ত উগ্ৰপন্থী ।/আজি কোনো নিউজ নাই”।

এতিয়া প্ৰতিজন মানুহেই একো একোজন সাংবাদিক। তেওঁৰ দেখা, শুনা প্ৰতিটো খবৰ প্ৰকাশ বা প্ৰচাৰ কৰিব পাৰে সামাজিক মাধ্যম যোগে। লক্ষণীয় কথাটো হ’ল এই মাধ্যম অতি শক্তিশালী আৰু ইয়াৰ প্ৰসাৰ বিশ্বজুৰি হয়। তেনেক্ষেত্ৰত মূল সূঁতি সংবাদ মাধ্যমৰ প্ৰয়োজন ক’ত?

সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আৰু দায়বদ্ধতাৰে সাংবাদিক আৰু মূল সূঁতি সংবাদ মাধ্য়মে কাম কৰাৰ সময় আহিছে। ইয়াৰ বাবে গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাংবাদিক, সংবাদ মাধ্যম সাজু হ’ব লাগিব। কেৱল ব্ৰেকিং নিউজৰ পাছত দৌৰি বিশ্বাসযোগ্যতাক বিসৰ্জন দি সংবাদ মাধ্যম জানো বৰ্তি থাকিব পাৰিব?

আজি কোনো নিউজ নাই কবিতাত কোৱাৰ দৰেই -”আজি ব্ৰেকিং নিউজৰো কোনো দাম নাই।/
শৰাইঘাট দলঙত আত্মহত্যাৰ বাবে থমকি ৰোৱা নাই কোনো ব্যৰ্থ প্ৰেমিক।/আজি স্বৈৰাচাৰী শাসকে ভাবুকি দিয়া নাই আণৱিক যুদ্ধৰ।/আজি কোনো পুৰষ্কাৰ ঘোষিত হোৱা নাই –বিজ্ঞান বা সাহিত্যৰ।/আজি কোনো নিউজ নাই”।

এটা দিন আছিল বাতৰি কাকতত যি প্ৰকাশ হয় সেয়া শিলৰ ৰেখাৰ দৰে সঁচা বুলি ভাৱিছিল। মানুহে বিশ্বাস কৰিছিল বাতৰি কাকতে মিছা লিখিব নোৱাৰে। সেই পৰিৱেশ আৰু বিশ্বাসযোগ্যতা সংবাদ মাধ্যমে হেৰুৱাইছে। নিউজ হৈ পৰিছে ভিউজ।

বিভিন্ন দৃষ্টিভংগীৰে কথাবোৰ বাতৰি ৰূপত নিজস্ব স্বাৰ্থত উপস্থাপন কৰিলে বাতৰিয়ে বিশ্বাসযোগ্যতা হেৰুওৱাতোৱেই স্বাভাৱিক। এনে কথাও চৰ্চা হয় যে বিশ্বৰে এটা পুৰণি আৰু প্ৰভাৱশালী সংবাদ প্ৰতিষ্ঠানে নিৰ্ধাৰিত সময়ত দিব লগা বাতৰি নিদি এদিন হেনো সংগীতানুষ্ঠান সম্প্ৰচাৰ কৰিছিল। তাৰ কাৰণ হিচাপে লিখিছিল, সেই দিনটোত সম্প্ৰচাৰ কৰিবলৈ যি মানৰ বাতৰি তেওঁলোকে দেখুৱাব লাগে সেয়া নাছিল।

সংবাদ মাধ্যমৰ ওপৰত এতিয়া বহু অভিযোগৰ আঙুলি। তাৰে কিছু অভিযোগ পক্ষপাত মূলক বুলি এৰাই চলিব পাৰিলেও বহু অভিযোগ নুই কৰিব নোৱাৰি। এই কবিতাটোত বাতৰি নোহোৱা দিনটোত সম্পাদক সকলে কি কৰিব তাৰো কল্পনা কৰা হৈছে- ” আজি নদীৰ চাপৰিত চিলা উৰাবলৈ গ’ল বিশিষ্ট সম্পাদকৰ দল।/সন্ধিয়া কুকুৰাৰ মঙহ আৰু সাজঁপানীৰে এসাজ খোৱাৰো কথা।/আজি কাকতৰ হ’কাৰসকলে বিৰল আজৰি পাই আলফুলে সন্তানক আঙুলিত ধৰি লৈ গৈছে নতুন দলং দেখুৱাবলৈ ।”

বাতৰিয়ে ৰূপ সলাইছে। বাতৰিয়ে নিজস্বতা ৰক্ষা কৰিব পৰা নাই। বাতৰি দিয়া মানুহ আগতেও আছিল, এতিয়াও আছে।এদিন নাৰদে বাৰ্তা বিলাই ফুৰিছিল। কোৱা হয় নাৰদে বিশ্বৰ প্ৰথমজন সাংবাদিক। তাৰ পাছত তথ্য়-প্ৰযুক্তিৰ উন্নতিৰে সংবাদ মাধ্যম এক উদ্যোগ হৈ পৰিল।

ডাঁৰৰ বাতৰি ডাঁৰে পোৱা হ’ল। কোনো স্থানৰ পৰা বাতৰিৰ পোনপটীয়া সম্প্ৰচাৰ, বাতৰিক লৈ আলোচনা আদিও এতিয়া পুৰণি হ’ল। মুহুৰ্তৰ ভিতৰতে সলনি হয় বাতৰি। মুহুৰ্ততে পুৰণি হয় বাতৰি।অসমৰে গ্ৰাম্য অঞ্চল সমূহত দুই তিনি দিনৰ পাছত বাতৰি কাকত গৈছিল। পুৰণি বাতৰিবোৰ তেতিয়া গাঁৱৰ মানুহৰ বাবে পুৰণি হোৱা নাছিল।

এতিয়া পুৰণি বাতৰি কাকত মানেই পুৰণি খবৰ। আজি কোনো নিউজ নাইত কোৱাৰ দৰে- ”আজি কোনো নিউজ নাই/স্তব্ধ টেলিপ্ৰিন্টাৰ, স্তব্ধ পিটিআই, স্তব্ধ এ এন আই।/উপেক্ষিত হৈ পৰি আছে টিভিৰ ৰিম’ট।/পদূলিত হ’কাৰৰ চাইকেলৰ পৰিচিত বেল আজি আৰু ভাঁহি অহা নাই ।/আজি কোনো নিউজ নাই”।

এনেকুৱা দিন মানুহে পাৰ কৰি আহিছে যি বোৰ দিনত এই তথ্য প্ৰযুক্তি বা বাতৰি দিয়াৰ এনে ব্যৱস্থা নাছিল। মানুহৰ জীৱন প্ৰণালী সলনি হ’ল। খবৰ নিৰ্ভৰশীল হ’ল মানুহ। খবৰ বিহীন সময়ৰ কথা মানুহে এতিয়া ভাৱিব নোৱাৰে। মানুহক বিভিন্ন ক্ষেত্ৰৰ খবৰ প্ৰয়োজন হয়। সেই খবৰবোৰে মানুহক জীৱন ধাৰণত সহায় কৰে । সিদ্ধান্ত লোৱাত সহায়ক হয়।

প্ৰতিটো শেহতীয়া খবৰে এতিয়া প্ৰতিজন মানুহৰ বাবে অতি প্ৰয়োজনীয়। কাৰণ আমি এতিয়া সেই ৩৩ লাখ বছৰৰ প্ৰাগৈতিহাসিক সময়ৰ বাসিন্দা নহয়- ”তেত্ৰিছ লাখ বছৰৰ আগৰ কোনো প্ৰাগৈতিহাসিক সময়ৰ দৰে/এই স্বচ্ছ দিনৰ পৱিত্ৰ ইথাৰত মাথো/অদৃশ্য মৌমাখিয়ে গুণগুণাই—/আজি কোনো নিউজ নাই ”।

কবিতা তাতেই শেষ, কিন্তু কথাবোৰ তাতেই শেষ হোৱা নাই। এটা বাতৰি বিহীন দিনৰ কথা আমি কল্পনাহে কৰিব পাৰো। প্ৰয়োগিকভাৱে সেই সময় আজিৰ প্ৰেক্ষাপটত কেতিয়াও নাহে। কিন্তু এইটো সত্য যে কিছুমান খবৰ মানুহে নিবিচাৰে। এনেবোৰ খবৰেৰে ভৰাই পেলোৱাতকৈ বাতৰি বিহীন এটা দিনেই শ্ৰেষ্ঠ হ’ব। সেই কথা হয়তো সাংবাদিক, সম্পাদক সকলেও অনুভৱ কৰিব লাগিব।

আৰু পঢ়ক: ৰাহুল জয়কাৰ হ’ব নালাগে জুবিন…