অসম

দক্ষিণ শালমাৰাত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানা এলেকাৰ সাতশিয়া জনকল্যাণ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জনে বিদ্যালয় খনৰ নৱম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক বিদ্যালয়ত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগত প্ৰধান শিক্ষক জনক ৰাইজে লপা থপা দি আৰক্ষীক গতাই দিয়া ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিবলৈ পুৱাৰে পৰা বিদ্যালয় খনত ভীৰ কৰে।

ইয়াৰে অধিকাংশ শিক্ষাৰ্থী কাম সম্পন্ন কৰি ঘৰলৈ যায় যদিও এগৰাকী শিক্ষাৰ্থী কাম সম্পন্ন নোহোৱাৰ ফলত বিদ্যালয় খনত থাকি যায়। ইফালে, বিদ্যালয় খনত কোনো নথকাৰ সুযোগ লৈ নৱম শ্ৰেণীৰ ছাত্ৰী জনীক প্ৰধান শিক্ষক জালাল উদ্দীন মণ্ডল ধৰ্ষণৰ বাবে চেষ্টা কৰাৰ অভিযোগ তোলে। অভিযোগ মতে- শিক্ষাৰ্থী জনীৰ শৰীৰত হাত দিয়াৰ লগতে অশ্লীল ইংগিত দিছিল প্ৰধান শিক্ষক জনে। ছাত্ৰী জনীয়ে বিষয়টো পৰিয়ালক অৱগত কৰাৰ পাছত ঘটনাক লৈ স্থানীয় কেবা শতাধিক লোক মুহূৰ্তৰ ভিতৰত বিদ্যালয় খনত উপস্থিত হৈ প্ৰধান শিক্ষক জনক লপা থপা দিবলৈ আৰম্ভ কৰে।

পৰিস্থিতি ভয়াবহ দেখি ঘটনাৰ বিষয়ে ফকিৰগঞ্জ আৰক্ষীক খবৰ দিয়া হয়। লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ হাতৰ পৰা শিক্ষক জনক উদ্ধাৰ কৰে। শিক্ষক জনৰ অৱস্থা সংকট জনক হোৱা বাবে ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকট জনক হোৱা বাবে শিক্ষক জনক ততাতৈয়াকৈ গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়। ঘটনাক লৈ ছাত্ৰী জনী নিজেই ফকিৰগঞ্জ থানাত এটি এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।