শোণিতপুৰৰ বিদ্যালয়সমূহৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা...
শোণিতপুৰৰ বিদ্যালয়সমূহৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা... 
শোণিতপুৰ

শোণিতপুৰৰ বিদ্যালয়সমূহৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত থকা প্ৰখৰ তাপপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় কেইখন জিলাৰে পাঠদান পূৰ্বৰ নিৰ্ধাৰিত সময়তকৈ আগুৱাই দিয়া হৈছে। শোণিতপুৰ জিলাৰ উপায়ুক্তয়ো তাপ প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ পাঠদানৰ সময় সালসলনি কৰিছে।

৩ জুন, ২০২৩ ত জিলা উপায়ুক্তই জাৰি কৰা এই নিৰ্দেশনা ৩০ জুন পৰ্যন্ত বাহাল থাকিব। নিৰ্দেশনা অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ'ব আৰু ১২-১৫ বজাত শেষ হ'ব।

এম ই আৰু এম ভি বিদ্যালয়সমূহৰ পাঠদান ৭-৩০ বজাৰ পৰা আৰম্ভ হ'ব আৰু ১২-৪৫ ত শেষ হ'ব। উচ্চ, মাধ্যমিক, উচ্চতৰ মাধ্যমিক, ছিনিয়ৰ ছেকেণ্ডেৰী আদিৰ পাঠদান পুৱা ৭-৩০ পৰা পৰা আৰম্ভ হ'ব আৰু ১-১৫ ত শেষ হ'ব।