চৌদিশে বানপানীঃ সুৰক্ষিত স্থান বিচাৰি বিশ্বনাথত কাজিৰঙাৰ হাতীৰ জাক...
চৌদিশে বানপানীঃ সুৰক্ষিত স্থান বিচাৰি বিশ্বনাথত কাজিৰঙাৰ হাতীৰ জাক... 
শোণিতপুৰ

চৌদিশে বানপানীঃ সুৰক্ষিত স্থান বিচাৰি বিশ্বনাথত কাজিৰঙাৰ হাতীৰ জাক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো বানপানীৰ কৱলত পৰাত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ, জন্তুবোৰে ওখ ঠাইৰ সন্ধান বিচাৰিছে। ফলত বনাঞ্চলৰ পৰা জনাঞ্চল পাইছেহি ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা হাতীৰ জাক।

বিশ্বনাথটো কাজিৰঙাৰ পৰা ওলাই অহা এটা হাতীৰ জাকে প্ৰৱেশ কৰিছে। বিশ্বনাথৰ ছোৱাগুৰী গাঁৱত এটা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। আজি পুৱা কাজিৰঙাৰ পৰা ছোৱাগুৰীত প্ৰৱেশ কৰা এই হাতীৰ জাকটোৱে অঞ্চলটোৰ খেতি-পথাৰ বিনষ্ট কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

ইতিমধ্যে বন বিভাগৰ এটা দল উক্ত স্থানত উপস্থিত হৈ চাৰি জাইকেৰ গুলী ফুটাই হাতীৰ জাকটোক পুনৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ ঘূৰাই পঠিওৱাৰ চেষ্টা কৰিছে। কিন্তু বানৰ কৱলত পৰা ৰাষ্ট্ৰীয় উদ্যানখনত সুৰক্ষিত স্থানৰ সন্ধান কৰিব নোৱাৰাৰ বাবেই পুনৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ ঘূৰি যাবলৈ বিচৰা নাই। ইফালে হাতীৰ জাকটোৰ লগত আছে কেইবাটাও পোৱালি হাতীও।