পোষ্টাৰ
পোষ্টাৰ 
শোণিতপুৰ

অসমৰ মাটিত ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাত একে নিশাই অৰুণাচলীয়ে আঁৰিলে পোষ্টাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ দিল্লীত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ যৌথ উদ্যোগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচল চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ ১০ দিন পাৰ নৌহওঁতেই ঘটিল অঘটন ।গহপুৰৰ উত্তৰাঞ্চলত পোষ্টাৰিং কৰি অসমৰ মাটি অৰুণাচলক এৰি দিবলৈ ভাবুকি প্ৰদান অৰুণাচলীৰ ।

গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী গোশালাৰ পৰা উত্তৰ কাৰিবিল হৈ ডফলাগড়লৈকে প্ৰায় ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ বিভিন্ন স্থানত শনিবাৰে নিশা লগালে পোষ্টাৰ ।

পোষ্টাৰিংৰ জৰিয়তে অসমৰ এই মাটিখিনি অৰুণাচলৰ বুলি দাবী কৰি অতি শীঘ্ৰে উক্ত মাটি খালি কৰিবলৈ বৃহত্তৰ অঞ্চলটোৰ অসমৰ লোক সকলক ভাবুকি দিছে অৰুণাচলীয়ে ।

এ বি পি এফ নামৰ অৰুণাচলৰ কোনো সংগঠনৰ নাম উল্লেখ থকা পোষ্টাৰিং সমূহ ডিটিপি আৰু লেমিনেছন কৰি চকুত লগাকৈ এলেকাটোৰ বিভিন্ন ঠাইত স্থাপন কৰা পৰিলক্ষিত হৈছে । পোষ্টাৰিং সমূহৰ ভিতৰত অসমৰ বন বিভাগক বেয়া কাম নকৰিবলৈও সকীয়াই দিয়া হৈছে ।

অৰুণাচল সীমান্তৰ পৰা প্ৰায় ৫ কিলোমিটাৰ অসমৰ ভিতৰলৈ সোমাই আহি একেনিশাই প্ৰায় ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাত লগোৱা অৰুণাচলীৰ এই পোষ্টাৰিঙে অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে ।

অৰুণাচলীয়ে আঁৰিলে পোষ্টাৰ

গোশালাৰ পৰা ডফলাগড় এলেকাত যুগ যুগ ধৰি বসবাস কৰি অহা অসমৰ ৰাইজৰ মাজত । উল্লেখযোগ্য যে হেলমৰ উত্তৰাঞ্চলত চিংলীজান হস্তী সংৰক্ষিত বনাঞ্চল নামেৰে অসম চৰকাৰৰ বন বিভাগৰ এখন বনাঞ্চল আছে । ১৪০০ হেক্টৰ মাটিকালিৰে আগুৰা বনাঞ্চলখনৰ প্ৰায় ৭০/৮০ শতাংশ ভূমি এতিয়া অৰুণাচলীৰ দখলত ।

অৰুণাচলীৰ ৰবৰ আৰু চাহ খেতিৰে ঠাই দখল কৰা অসমৰ বনাঞ্চল খনৰ ভূমি অৰুণাচলীৰ পৰা উচ্ছেদ কৰি উপযুক্ত সংৰক্ষণ কৰাত অসম চৰকাৰ চূড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ পিছত অৰুণাচলীয়ে আৰু ৫ কিলোমিটাৰ অসমৰ ভিতৰলৈ সোমাই আহি হেলেম ৰাজহ চক্ৰ এলেকাৰ এক বিস্তৃৰ্ণ এলেকাৰ ভূমি অৰুণাচলৰ বুলি দাবী কৰি উক্ত ভূমি এৰি দিবলৈ পোষ্টাৰিংৰ জৰিয়তে ভাবুকি দিয়া কাৰ্য্যই অসম আৰু অৰুণাচল চৰকাৰৰ বুজাবুজি চুক্তিত প্ৰসহনত পৰিণত কৰি তুলিছে ।

দেওবাৰে পুৱাই উক্ত পোষ্টাৰিং সমূহ দেখি আচৰিত হৈ পৰে সীমান্তৱৰ্তী অসমীয়া ৰাইজ । উক্ত পোষ্টাৰিংৰ বিষয়ে খবৰ লাভ কৰাৰ পিছত হেলেম আৰক্ষী থানা আৰু ঘাঁহিগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ দুটা দল উক্ত এলেকা সমূহত উপস্থিত হৈ পোষ্টাৰ সমূহ এৰুৱাই জব্দ কৰি থানালৈ লৈ আহে ।

অৰুণাচলীয়ে আঁৰিলে পোষ্টাৰ