অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী
অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী 
শোণিতপুৰ

ইটাখোলাত ড্ৰাগছসহ দুজনক আটক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। বৃহস্পতিবাৰে চতিয়া আৰক্ষী থানাৰ অধীনৰ ইটাখোলা আৰক্ষী চকী এলেকাত ড্ৰাগছসহ দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক ভাৰপ্ৰাপ্ত বিষয়া ভাষ্কৰজ্যোতি শইকীয়াৰ নেতৃত্বৰ এটি আৰক্ষীৰ দলে আটক কৰে ।

আৰক্ষীৰ দলটোৱে গোপন সূত্ৰৰ পম খেদি ইটাখোলাৰ দৈনিক বজাৰ মাজত AS-12-AF-3158 নম্বৰৰ পালচাৰ বাইক খন লৈ ৰফিকুল ইছলাম (২৮) আৰু বাবুল আলি (৩০)নামৰ দ্ৰাগছ পেডলাৰ দুটাই ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাতে আটক কৰিবলৈ সক্ষম হয় ৷

ড্ৰাগছ

ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে ১৪ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে এখন পালছাৰ বাইক জব্দ কৰে ৷ ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ ঘৰ শোনিতপুৰ জিলাৰ খনামুখৰ কেকোকলি গাঁৱত বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি ইটাখোলা আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা বাবুল আলি আৰু ৰফিকুল ইছলামৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি জেৰা অব্যাহত ৰাখিছে ৷