শোণিতপুৰ

জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাত টুচু পূজা উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় চাহ জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ টুচু পূজা। পৰম্পৰাগত ৰীতি-নীতিৰে পূজাভাগ উদযাপন কৰা হয়।

পুৱাৰ ভাগত চাহ জনজাতিসকলৰ ইষ্ট দেৱতাক পূজা অৰ্চনা কৰাৰ অন্তত গাঁৱৰ ডেকা- গাভৰু, বৃদ্ধ-বনিতা, কিশোৰ-কিশোৰীসকল একলগ হৈ টুচু নৃত্য প্ৰদৰ্শন কৰে । নতুন শস্যক আদৰাৰ লগতে দেশ তথা গ্ৰাম্য সমাজৰ পৰা ৰোগ ব্যাধি,অসূয়া-অপ্ৰীতি দূৰ হোৱাৰ কামনাৰে প্ৰতি বছৰে পবিত্ৰ মকৰ সংক্ৰান্তিৰ দিনটোত চাহ জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি আহিছে ।

উল্লেখযোগ্য যে প্ৰতিবছৰৰ দৰে এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে দিকৰাই চাহ বাগিছাৰ শ্ৰমিক বিনোদন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় পবিত্ৰ টুচু পূজা ।