শোণিতপুৰ

নামত হে আদৰ্শ গাঁও, নাই কোনো সুচল বাট পথ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গহপুৰঃ চৰকাৰী ভাবে আদৰ্শ গাঁও হিচাপে ঘোষিত গহপুৰৰ এখন গাঁও । গহপুৰ সমষ্টিৰ ৰাঙলীয়াল গাঁও পঞ্চায়তৰ উক্ত গাঁও খনৰ নাম কুঁহিমাৰী ।

শতাধিক পৰিয়ালে বসবাস কৰা কুঁহিমাৰী গাঁৱত নাই যাতায়াতৰ সু ব্যৱস্থা । এজাক বৰষুণ দিলেই বোকাময় হৈ পৰা পথটোত বাৰিষাৰ সময়ত কেৱল চলে তুলুঙা নাওঁ ।

ব্ৰহ্মপুত্ৰৰ বানে প্ৰতিটো বাৰিষাতে বিধ্বস্ত কৰা অঞ্চলটোত যাতায়তৰ সমস্যাৰ উপৰিও বিশুদ্ধ খোৱাপানী ব্যৱস্থা অনাময় আঁচনি, বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে ৰাইজ ।

অঞ্চলটোত এখনেই প্ৰাথমিক বিদ্যালয় আছে যদিও বিদ্যালয়লৈ অহা-যোৱাৰ বাবে নাই কোনো পথ । কেৱল নামতহে আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত কুঁহিমাৰী গাঁৱৰ ৰাইজৰ দুৰাৱস্থাৰ প্ৰতি মন-কান দিয়াৰ আহৰি নাই পঞ্চায়ত প্ৰতিনিধিৰ লগতে গহপুৰ সমষ্টিৰ বিধায়কৰ ।

অঞ্চলবাসী ৰাইজে এতিয়া চৰকাৰলৈ কাতৰ আহ্বান জনাইছে যাতে এই সমূহ সা-সুবিধা সোনকালেই কুঁহিমাৰী গাঁওৰ ৰাইজে যাতে লাভ কৰিবলৈ সক্ষম হয় । কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সুচল বাট-পথ নথকাৰ উপৰিও বিদ্যালয়লৈ যাবলৈও সুচল ব্যৱস্থা নথকা গাওঁ এখনক কেনেকৈ আদৰ্শ গাঁও ঘোষিত কৰা হ’ল সেয়া এক ডাঙৰ ৰহস্য ।