শোণিতপুৰ

বালিপৰাত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘট

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰা শিক্ষাখণ্ডৰ কাৰ্যালয় প্ৰাঙ্গনত সোমবাৰে টেট উত্তীৰ্ণ শিক্ষক সমাজে প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায় কৰে ৷ সকলো ঠিকা ভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বিনা চৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত আজি বালিপৰা শিক্ষাখণ্ডৰ সকলো টেট উত্তীৰ্ণ শিক্ষকে চাৰি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে |

প্ৰতিবাদকাৰী শিক্ষকসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ আমাৰ দাবী নাৰ্য্য দাবী, উই ওনান্ট জাচটিচ, শিক্ষক ঐক্য জিন্দাবাদ, আমাক শিক্ষকৰ সম্পূৰ্ণ মৰ্যদা দিয়ক আদি বিভিন্ন শ্লো-গানেৰে উত্তাল প্ৰতিবাদ জনায় |