শোণিতপুৰ

বিশ্বনাথ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আটক সৰবৰাহকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ,বিশ্বনাথ : নিষিদ্ধ ড্ৰাগচ সৰবৰাহৰ গোপন কৰিড'ৰত পৰিণত হৈ পৰিছে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ। শুকুৰবাৰে সন্ধিয়া বিশ্বনাথ চাৰিআলিত নিষিদ্ধ ড্ৰাগচ সৰবৰাহকাৰীৰ তিনিজনীয়া এটা দল জালত পৰাৰ পিছতে এই কথা উন্মোচিত হৈছে।

তেজপুৰ দিশৰ পৰা অৰুণাচল অভিমুখে এখন নম্বৰ প্লেটবিহীন মটৰ চাইকেলত আহি থকা এই তিনিজনীয়া ড্ৰাগচ সৰবৰাহকাৰী দলটো প্ৰতাপগড়ত আৰক্ষীৰ জালত পৰে।ইতিমধ্যে ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক অৰুণাচল প্ৰদেশৰ টক' জনি, ডফলাগড়ৰ ৰবীন তাঁ‌তি আৰু বঙালমৰাৰ নুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে।

ধৃতসকলৰ পৰা 8টাকৈ হেৰ'ইন ভৰ্তি কন্টেইনাৰ, চিৰিঞ্জ আৰু খালি কন্টেইনাৰো উদ্ধাৰ কৰা হৈছে। তদুপৰি এই সৰবৰাহকাৰী দলটোয়ে চলাই অহা নম্বৰ প্লেটবিহীন আৰ ১ মটৰ চাইকেলখনো জব্দ কৰিছে।

ইফালে বিশ্বনাথ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰি গ্ৰেপ্তাৰ কৰা দলটোৱে ড্ৰাগছখিনি গহপুৰ হৈ অৰুণাচললৈ নিবলৈ অনা বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰাৰ লগতে ধৃত যুৱক কেইজনক সোধা-পোছা আৰম্ভ কৰিছে।