ROAD ACCIDENT
ROAD ACCIDENT  
শোণিতপুৰ

কলিয়াবৰৰ কুলিডোঙাত পথ দুৰ্ঘটনাঃ নিহত এজন

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ কুলিডোঙাত শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত এক ভয়ংকৰ বাইক দুৰ্ঘটনাত এজন ১৬ বছৰীয়া যুৱকৰ থিতাতে নিহত হোৱাৰ উপৰি আন এজন যুৱক গুৰুতৰভাৱে আহত হয় ৷ নিহতজনৰ নাম লাওখোৱা ভুৰবন্ধাৰ বাব্লু মণ্ডল(১৬) আৰু আহত জন উজ্জল সৰকাৰ(১৮) ৷

এ এছ ০২ এ এইচ ৬৮৮৪ নম্বৰৰ বাইক লৈ যুৱকদ্বয়ে তীব্ৰবেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই কুলিডোঙাৰ ৰাজ‍্যিক পথত থকা দলঙৰ ৰেলীঙত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো। আহত উজ্বল সৰকাৰক সংকটজনক অৱস্থাত কলিয়াবৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

উল্লেখ্য যে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে পথটিত গতিৰোধক স্থাপনৰ দাবীত পথ অৱৰোধৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ স্মতৰ্ব্য যে, ইতিপূৰ্বে অঞ্চলটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ৰাইজে গতিৰোধক স্থাপনৰ বাবে উৰ্দ্ধতন কৰ্তৃপক্ষক আহ্বান জনায় আহিছিল যদিও আজিকোপতি কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। শনিবাৰে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সময়ত যাতায়ত ব্যৱস্থা কিছু সময়ৰ বাৱে বিঘ্নিত হয় যদিও পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়।