শোণিতপুৰ

সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২৪ ৰ শুভাৰম্ভণি

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালীঃ সমগ্ৰ দেশৰ লগতে কালি বিশ্বনাথ জিলাতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২৪ ৰ শুভাৰম্ভণি কৰা হয় । অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিশ্বনাথ চাৰিআলি বাছ আস্থানত অনুষ্ঠিত হয় এই শুভাৰম্ভণি অনুষ্ঠান ।

অনুষ্ঠানটি শুভাৰম্ভণি কৰে বিশ্বনাথৰ অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে । সভাত জিলা আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, জিলা পৰিবহন বিষয়া মঃ ৰফিকুল ইছলাম সমন্বিতে প্ৰায় শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, এইবাৰ জিলাখনৰ ভিন্ন স্থানত ১ মাহজোৰা কাৰ্যসূচীৰে পথ সুৰক্ষা মাহ অনুষ্ঠিত হ'ব । অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে কয় পথ দুৰ্ঘটনা‌ হ্ৰাস কৰাৰ বাবে চৰকাৰৰ নিৰ্দেশত এমাহ জোৰা কাৰ্যসূচীৰে এইবাৰ বিভিন্ন ৰাজহুৱা স্থানত সজাগতা সভাসমূহ অনুষ্ঠিত কৰা হ'ব ।