শোণিতপুৰ

পাৰিবাৰিক কণ্ডলঃ স্বামীয়ে হত্যা কৰিলে পত্নীক

Asomiya Pratidin
  • তেজপুৰৰ চামধৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা।

  • স্বামীয়ে পত্নীক চোকা অস্ত্ৰৰে হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

  • তেজপুৰৰ বৰঘাট থানাৰ অধীনৰ চামধৰাত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা।

  • চামধৰাৰ ইন্দ্ৰজিত ঘোষ নামৰ লোকজনে এখন চোকা অস্ত্ৰৰে পত্নী শান্তি ঘোষক হত্যা কৰে।

  • হত্যা কৰাৰ পাছত হত্যাকাৰী ইন্দ্ৰজিত ঘোষে চোকা অস্ত্ৰসহ আৰক্ষীৰ ওচৰত আত্মসৰ্মপন কৰিছে।

  • পাৰিবাৰিক কণ্ডলৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।