হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেলগে উত্তীৰ্ণ হ'ল মাতৃ-পুত্ৰ...
হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেলগে উত্তীৰ্ণ হ'ল মাতৃ-পুত্ৰ... 
শোণিতপুৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেলগে উত্তীৰ্ণ হ'ল মাতৃ-পুত্ৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বিশ্বনাথঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ একেলগে বিশ্বনাথত উত্তীৰ্ণ হ'ল মাতৃ আৰু পুত্ৰ। বিশ্বনাথৰ গুৱালতলিস্হিত বৰজাহান আলিৰ ৩৪ বছৰীয়া পত্নী আৰু পুত্ৰই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

মাতৃ মনোৱাৰা খাতুনে বিশ্বনাথৰ ফকৰুদ্দিন আলি আহমেদ হাইস্কুলৰ পৰা অৱতীৰ্ণ হৈ তৃতীয় বিভাগত আৰু পুত্ৰই বিশ্বনাথৰ লিটিল ষ্টাৰ স্কুলৰ পৰা অৱতীৰ্ণ হৈ ইংৰাজীত লেটাৰসহ দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।

উল্লেখ্য যে, ২০০৫ চনত মনোৱাৰাই দশম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়তে গুৱালতলীৰ বৰজাহান আলীৰ লগত বিবাহ পাশত আৱদ্ধ হৈ বিদ্যালয় এৰিছিল। কিন্তু উচ্চ শিক্ষাৰ একান্ত ইচ্ছা থকাৰ বাবেই পুত্ৰৰ লগত এইবাৰ একেলগে ঘৰত অধ্যয়ন কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

বৰ্তমান পুত্ৰই হোজাইত থকা আজমল ফাউণ্ডেচনত নামভৰ্তি কৰাৰ বিপৰীতে মাতৃ মনোৱাৰাই সাংসাৰিক জীৱনৰ পৰা সময় উলিয়াব পাৰিলে ভৱিষ্যতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে।

সি যিয়েই নহওক এনেদৰে বিশ্বনাথৰ এগৰাকী মাতৃয়ে পুত্ৰৰ সৈতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেলগে অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ খৱৰে আশাৰ সঞ্চাৰ কৰিছে বহুতৰ বাবে।