শোণিতপুৰ

বালিপৰাৰ বানপানী সমস্যা সমাধানৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ পদেক্ষপ

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ জিলাৰ বালিপৰাত জৰাসৰ নদীখনন প্ৰক্ৰিয়া আৰাম্ভ হৈছে। উল্লেখ্যে যে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰৰ্গত বালিপৰাত বানপানী সমস্যা প্ৰতিৰোধৰ বাবে অভিলাসী আচঁনিৰ কাম দেওবাৰৰ পৰা আৰম্ভ কৰা হয়।

বালিপৰা উদমাৰী পঞ্চায়তৰ এলেকাৰ অঞ্চলসমূহ নদুৱাৰ সমষ্টিত নতুনকৈ অন্তৰ্ভূক্তিৰ পিছতেই বালিপৰাৰ এই বানপানী সমস্যা প্ৰতিৰোধৰ বাবে বিশেষ আচঁনি গ্ৰহন কৰি আজিৰ পৰা জৰাসৰ নদীত আৰাম্ভ হ'ল নদী খনন প্ৰক্ৰিয়া। অত্যাধুনিক ড্ৰেজাৰৰ সহায়ত নদী খনন প্ৰক্ৰিয়া আজিৰ পৰা আৰাম্ভণি কৰা হয়।

বিধায়ক পদ্ম হাজৰিকাই বালিপৰাৰ বানপানী সমস্যা প্ৰতিৰোধৰ বাবে আৰম্ভ কৰা এই নদী খনন প্ৰক্ৰিয়া ৰ পৰিদৰ্শন কৰি এই অভিলাষী আঁচনিৰ জৰিয়তে বালিপৰাবাসী ৰাইজ বানপানী সমস্যাৰ পৰা সকাহ পাব বুলি উল্লেখ কৰে। ইয়াৰোপৰি তেওঁ সকলো ৰাইজক এই আঁচনিত সহযোগিতা যোগাবলৈ আহ্বান জনায়।