শোণিতপুৰ

জামুগুৰিহাটত প্ৰচণ্ড ধুমুহা: বিস্তৰ ক্ষতি সাধন কেইবাখনো গাঁৱৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : জামুগুৰিহাটত প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে কেইবাটাও পৰিয়ালৰ। বাসগৃহৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। নিশা অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ।

অঞ্চলটোৰ কাঠবাৰীকে ধৰি কেইবাখনো গাঁৱত প্ৰকাণ্ড গছ মানুহৰ বাসগৃহৰ ওপৰত উভালি পৰাত বাসগৃহ ভাঙি যোৱাৰ লগতে সা-সম্পত্তি বিনষ্ট হয়। কাঠবাৰী গাঁৱৰ জীৱন ভূঞা নামৰ লোকজনৰ বাসগৃহত উভালি পৰে প্ৰকাণ্ড এজোপা আমগছ। কথমপি প্ৰাণৰক্ষা পৰে গৰাকীৰ।

উল্লেখ্য যে, ধুমুহাত ক্ষতিগ্ৰস্ত লোকক জিলা প্ৰশাসনৰ ফালৰ পৰা পৰা ক্ষতিপূৰণৰ দাবী জনাইছে স্থানীয় ৰাইজে।