বিহুমেলা
বিহুমেলা 
শোণিতপুৰ

ঢোল পেঁপা গগনাৰ মাতৰে মুখৰিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ কুৰিৰো অধিক বিহুৱা দলৰ ঢোল পেঁপা গগনাৰ মাতৰে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ বিহুমেলাৰ বাকৰি ।

অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ ৬২ সংখ্যক মুকলি বিহু প্ৰতিযোগিতা খনি (বুধবাৰে) বিয়লিৰ ভাগত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথীৰাজ ৰাভাই নিজে বিহুগীত গাই শুভ উদ্বোধন কৰে ।

লগতে নিশাৰ ভাগলৈকে বিহুদলসমুহে প্ৰদৰ্শন কৰে বিহু । বৃত্তাকাৰ চৌহদত এটি এটিকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুদল সমূহে প্ৰায় তিনিঘন্টাৰো অধিক সময় ধৰি একেসময়তে শ শ ঢুলীয়া নাচনীয়ে বিহু প্ৰদৰ্শন কৰে ।

প্ৰায় পোন্ধৰ সহস্ৰাধিক ৰাইজে প্ৰাণভৰি উপভোগ কৰে অসমৰ মুকলি বিহুৰ এই বিনন্দীয়া ৰূপ । ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি এইবাৰ ৬২ সংখ্যক বৰ্ষত ভৰি দিয়া জামুগুৰিহাটৰ এই ঐতিহ্যমণ্ডিত মুকলি বিহু প্ৰতিযোগিতাখনি উপভোগ কৰি আপ্লুত হৈ পৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰও ।

এই মুকলি বিহুতেই জামুগুৰিহাটৰ প্ৰবীন বৰবিহুৱা মোহন শইকীয়াক “ধনকেতেকী” উপাধিৰে সন্মান প্ৰদান কৰা হয় । লগতে জামুগুৰিহাটৰ সু-সন্তান তথা মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া কুন্টলমণি শৰ্মা বৰদলৈকো বৰপুখুৰীপাৰ মুকলি বিহু কমিটিয়ে গামোছা, জাপি, চেলেং আৰু প্ৰশস্তি পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

জামুগুৰিয়া ৰাইজে বছৰ বছৰ ধৰি ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি অহা এই বিহুমেলা সংস্কৃতিবান জামুগুৰিয়া ৰাইজৰ স্বাভিমান বুলিও উল্লেখ কৰে জিলা উপায়ুক্ত গৰাকীয়ে।