শোণিতপুৰ

জামুগুৰিহাটৰ বাটমাৰী ধোবীখোলাত নেৱাৰ সম্প্ৰদায়ৰ বেল-বিয়া সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাট : অসমৰ নেৱাৰ সম্প্ৰদায়ৰ লোক সকলে পালন কৰি অহা অন্যতম লোক কলা সংস্কৃতি হ'ল “বেল বিয়া”। দেওবাৰে জামুগুৰিহাটৰ বাটমাৰীৰ ধোবীখোলাত অনুষ্ঠিত হয় এই “বেল বিয়া” ৷

অসমৰ গোৰ্খা জনগোষ্ঠীৰ নেৱাৰ সম্প্ৰদায়ৰ মাজৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা এই বেল বিয়া সংস্কৃতি পুনৰ উদ্ধাৰ, সংৰক্ষণ আদি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই বেল বিয়া জাক-জমকতাৰে অঞ্চলটোৰ ৰাইজে অনুষ্ঠিত কৰে।

নাৰীক উপযুক্ত সন্মান, মৰ্যাদা আৰু ন্যাৰ্যতা প্ৰদানৰ উদ্দেশ্যৰেই এই বেল বিয়া সংস্কৃতি আয়োজন কৰা হয় বুলি মন্তব্য কৰে উদ্যোক্তা সকলে ৷ এই অনুষ্ঠানত অঞ্চলটোৰ পুৰুষ মহিলাকে ধৰি সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰে ৷