গহপুৰ আৰক্ষী
গহপুৰ আৰক্ষী 
শোণিতপুৰ

গহপুৰত বাহনসহ অবৈধ অৰুণাচলী সুৰা জব্দ, আটক এজনক ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গহপুৰঃ ক্ৰমাৎ ৰাগিয়াল দ্ৰব্য সৰবৰাহ বৃদ্ধি পাব ধৰিছে ৰাজ্যত । ঘাঁহিগাঁৱৰ বিভিন্ন প্ৰান্তত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ঘাঁহিগাঁও আৰক্ষী ।

শনিবাৰে ঘাহিগাঁও আৰক্ষীৰ এটি তহলদাৰী দলে অভিযান চলাই এখন বাহনসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

অৰুণাচলৰ বালিজানৰ পৰা ডিপৰা লৈ অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰা টাটা মেজিক গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ঘাঁহিগাঁও আৰক্ষী । গাড়ীখনৰ পৰা ১৮ টা কাৰ্টুন বিভিন্ন ব্ৰেণ্ডৰ হুইস্কী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । সুৰা খিনিৰ আনুমানিক মূল্য ৪৫ হাজাৰ টকা হব বুলি ধাৰণা কৰা হৈছে ।

উক্ত সুৰাখিনি কঢ়িয়াই অনা মেজিক খনৰ চালক ললিত শইকীয়াক আটক কৰিছে আৰক্ষীয়ে । সুৰাখিনি ডিপৰাৰ জনৈক বাপধনৰ বাবে অনা হৈছিল জানিব পৰা হৈছে ।

অবৈধ অৰুণাচলী সুৰা জব্দ