ইটাখোলাত শতাধিক সংখ্যালঘু কংগ্ৰেছী নেতা কৰ্মীৰ বিজেপিত যোগদান
ইটাখোলাত শতাধিক সংখ্যালঘু কংগ্ৰেছী নেতা কৰ্মীৰ বিজেপিত যোগদান 
শোণিতপুৰ

ইটাখোলাত শতাধিক সংখ্যালঘু কংগ্ৰেছী নেতা কৰ্মীৰ বিজেপিত যোগদান

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোলৈ মাজত মাথো তিনিটা দিন বাকী থকাৰ মুহূৰ্তত নদুৱাৰ সমষ্টিত সংখ্যালঘু কংগ্ৰেছী নেতা কৰ্মীৰ বিজেপি দলত যোগদানৰ জোৱাৰ উঠিছে৷ সমষ্টিটোৰ অধিনৰ নাগশংকৰ মণ্ডলৰ অন্তৰ্গত ইটাখোলাৰ বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয়ত আহি আজি সন্ধিয়া শতাধিক সংখ্যালঘু কংগ্ৰেছী নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে৷

বিজেপি দলৰ বহুকেইগৰাকী জ্যেষ্ঠ কাৰ্য্যকৰ্তাৰ উপস্থিতিত কংগ্ৰেছ দলৰ ১ নং ইটাখোলা বুথ কমিতিৰ সম্পাদক ৰফিকুল ইছলামৰ নেতৃত্বত বিজেপি দলত যোগদান কৰা চামচাদ আলম,আচিকুল ইছলাম,আবুল কালাম,চৰিফুদ্দিন আদিকে ধৰি শতাধিক কংগ্ৰেছী নেতা কৰ্মীক শোণিতপুৰ জিলা বিজেপিৰ উপ-সভাপতি লক্ষীকান্ত বৰাই বিজেপি দলৰ প্ৰতীক সম্বলিত টুপি আৰু গামোচাৰে দললৈ আদৰণী জনায়৷

যোগদানকাৰী ন বিজেপিসকলৰ মতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ জনকল্যাণমুখী আঁচনিসমূহৰ সফল ৰূপায়ন হোৱা দেখি আৰু নদুৱাৰ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সৱল নেতৃত্বৰ লগতে উন্নয়নমূলক কাম কাজ সমূহৰ অগ্ৰগতি দেখিয়ে বিধায়কগৰাকীৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি তেওলোকে বিজেপি দলত যোগদান কৰিছে৷