শোণিতপুৰ

তেজপুৰত ভিন্ন দলৰ শতাধিক নেতা কৰ্মীৰ আপত যোগদান

Asomiya Pratidin

ডিজিটেল সংবাদ,তেজপুৰ : ক্ৰমাৎ অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে শোণিতপুৰ লোকসভা সমষ্টিৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই। শনিবাৰে তেজপুৰত অনুষ্ঠিত দলৰ এক কাৰ্যকৰ্তা সন্মিলনত বিভিন্ন দলৰ শতাধিক নেতা-কৰ্মীয়ে আপত যোগদান কৰে।

সমাগত লোকসভা নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টি ৰ দলীয় প্ৰাৰ্থীগৰাকীৰ বিজয় সুনিশ্চিত কৰিবলৈ দলৰ ৰাজ্যিক নেতৃত্বৰ পৰামৰ্শ অনুসৰি অনুষ্ঠিত হয় কাৰ্যকৰ্তা সন্মিলন। এই কাৰ্যসূচীত আগন্তুক নিৰ্বাচনৰ বাবে গ্ৰহণ কৰিবলগীয়া দলীয় ৰণকৌশল সন্দৰ্ভতো আলোচনা কৰা হয়।

কাৰ্যসূচীত দলৰ কেন্দ্ৰীয় নেতা কৰ্নেল ৰাহুল পানৱাৰ, ৰাজ্যিক সাংগঠিনক সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই অংশগ্ৰহণ কৰে।