শোণিতপুৰ

গহপুৰত সুধাকণ্ঠ মইনা পাৰিজাতৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ জিলা মইনা পাৰিজাতৰ অন্যতম সক্ৰিয় শাখা সুধাকণ্ঠ মইনা পাৰিজাতৰ উদ্যোগত গ্ৰীষ্মকালীন বন্ধ উপলক্ষে এখনি বিশেষ কৰ্মশালাৰ আয়োজন কৰে। ডুবিয়া পথাৰৰ বুঢ়া নামঘৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা উক্ত কৰ্মশালাত কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, গীত পৰিবেশনৰ লগতে শব্দৰ শুদ্ধ উচ্চাৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

সুধাকণ্ঠ মইনা পাৰিজাতৰ সভানেত্ৰী শান্তিৰাণী বৰুৱা আৰু সম্পাদক ধৰ্মেশ্বৰ বৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিহপুৰীয়া শিক্ষন মহাবিদ্যালয়ৰ প্ৰবক্তা ৰুণজুন ভূঞা গগৈ, স্থানীয় মহিলা পিংকু চাবুকধৰা গগৈ, কৃষ্ণা দুৱৰা, নিৰু শইকীয়া আৰু শিক্ষক গোপাল ভূঞা।

৪২ গৰাকীকৈ কণমানিয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিৰ শুকুৰবাৰৰ সামৰণি অনুষ্ঠানত গহপুৰ জিলা মইনা পাৰিজাতৰ সভাপতি মহেন্দ্ৰ গগৈ উপস্থিত থাকে। কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত মইনাসকলে গীত পৰিবেশন কৰাৰ সামন্তৰালকৈ কবিতা আবৃত্তি, আকস্মিক বক্তৃতাৰে নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে।