শোণিতপুৰ

বাৰিষাৰ পূৰ্বে নিৰ্মাণ নহ'ল গাৰ্ডৱাল: ক'ত গ'ল অনুমোদিত কোটি কোটি টকা...

Asomiya Pratidin

ডিজিটেল সংবাদ, গহপুৰ : বাৰিষাৰ লগে লগে ৰাজ্যৰ মথাউৰি কিম্বা গাৰ্ডৱালৰ সমস্যাই বাৰুকৈয়ে যন্ত্ৰণা ভুগাই সাধাৰণ ৰাইজক। গহপুৰ নগৰৰ অভিশপ্ত স্বৰূপ পাহাৰীয়া খৰস্ৰোতা চত্ৰং নদীৰ গাৰ্ডৱালো অসম্পূৰ্ণ অৱস্থাত। নদীখন নিয়ন্ত্ৰণৰ নামত কোটি কোটি টকা অনুমোদন হয় যদিও সম্পূৰ্ণ নহয় নিৰ্মাণ কাৰ্য।

প্ৰতি বছৰে নগৰখনৰ বিস্তৰ ক্ষতি সাধন কৰি অহা নদীখন নিয়ন্ত্ৰণৰ বাবে ১৫ কোটি টকা ব্যয় সাপেক্ষে গাৰ্ডৱালৰ কাম হাতত লোৱা হৈছিল যদিও আজিকোপতি সম্পূৰ্ণ নহ'ল কাম। ৭ নং ৱাৰ্ডৰ মধ্যচত্ৰং অংশত অদ্যাপি উন্মুক্ত অৱস্থাত আছে মথাউৰি। প্ৰবল বৰষুণ হ'লেই ভগ্নাংশইদি পাহাৰৰ ঢল সোমাই ৭ আৰু ৬ নং ৱাৰ্ডৰ বহু গাঁও বুৰাই পেলোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে।

ইমানৰ পিছতো কোনো ধৰণৰ তৎপৰতা নাই জল সম্পদ বিভাগৰ। সেয়েহে এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোত বসবাস কৰা স্থানীয় ৰাইজ।