শোণিতপুৰ

গহপুৰত নকল সোণ জব্দঃ ৩জনক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, গহপুৰঃ নকল সোণৰ অবৈধ ব্যৱসায় ৰোধ কৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগে আনন্দ মিশ্ৰক লখিমপুৰত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়াৰ পিছতো জিলাখনত অব্যাহত আছে নকল সোণৰ ব্যৱসায়।নকল সোণৰ বিৰুদ্ধে অভিযান চলাই গহপুৰ আৰক্ষীয়ে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এটা নকল সোণৰ ব্যৱসায়ী চক্ৰক গ্ৰেপ্তাৰ কৰে।

এই ঘটনাই জিলাখনত অব্যাহত থকা নকল সোণ ব্যৱসায়ৰ কথা পুনৰ বাৰ প্ৰমাণিত কৰিছে। গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বড়িগাওঁ তিনিআলিত সোণৰ নাও বিক্ৰি কৰিব আহোতে গোপন সুত্ৰৰ খবৰ অনুসৰি ১.৫ কে:জি: নকল সোণৰ নাও, দুটাকৈ ম'বাইল ফোনসহ মুক্তাৰ হুছেইন, চৰিফুল ইচলাম, ৰফিকুল আলিক গ্ৰেপ্তাৰ কৰে গহপুৰ আৰক্ষীয়ে।

আটকাধীন লোক কেইজনৰ ঘৰ লক্ষিমপুৰ জিলা বিহপুৰীয়া মৰনৈত বুলি জানিব পৰা গৈছে। ধৃত লোক কেইজনে এখন চেন্ট' গাড়ী লৈ নকল সোণৰ ব্যৱসায় কৰিব আহিছিল। আৰক্ষীয়ে ইতিমধ্যে এই কাৰ্যত ব্যৱহাৰ হোৱা গাড়ীখন জব্দ কৰিছে। জব্দ কৰা চেন্ট' গাড়ীখনৰ নম্বৰ এ এচ ১২এইচ-১৫০৭।