শোণিতপুৰ

জামুগুৰিহাটত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ সূৰ্যোদয় ভৱনত মঙলবাৰে ৰিচিং হেণ্ডৰ উদ্যোগত অনুষ্ঠিত হয় এটি বিনামূলীয়া চিকিৎসা শিবিৰ ৷ উক্ত চিকিৎসা শিবিৰত স্ত্ৰীৰোগ বিশেষজ্ঞ ডা° জ্যোতি দলে বৰাই ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি নিদান পত্ৰ প্ৰদান কৰে ৷

উক্ত শিবিৰটিত প্ৰায় ১৩০ গৰাকী মহিলাক চিকিৎসা প্ৰদান কৰা হয়। চিকিৎসা শিবিৰটি শুভ উদ্বোধন কৰে জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লৱীতা শৰ্মা মহন্তই ৷