কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমাৰোহৰ সামৰণি
কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমাৰোহৰ সামৰণি 
শোণিতপুৰ

জামুগুৰিহাটৰ বালিজুৰি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমাৰোহৰ সফল সামৰণি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জামুগুৰিহাটৰ সোণালী জয়ন্তীবৰ্ষ গড়কা বালিজুৰি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমাৰোহৰ শনিবাৰে নিশা সফল সামৰণি পৰে ৷ সমাৰোহৰ অন্তিম দিনা মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।

অনুষ্ঠানটিত উপস্থিত থাকি বিধায়কগৰাকীয়ে বিহুগীত গাই দৰ্শক ৰাইজৰ মন জয় কৰে ৷ বিধায়ক গৰাকীৰ বিহুগীতৰ তালে তালে নাচনী সকলে কঁকাল ভাঙি নচা পৰিলক্ষিত হয় ৷

বালিজুৰিৰ সংগীতসূৰ্য্য ড° ভূপেন হাজৰিকাৰ ৰংগমঞ্চত সন্ধিয়া বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে গোৰ্খা লোক সংস্কৃতিৰ সাধক কলাশ্ৰী বিনোদ খনালে ৷

একেখন মঞ্চত অসমীয়া, গোৰ্খা, বড়ো, আদিবাসী আদি বিভিন্ন সম্প্ৰদায়ৰ লোক সকলে বিহু গীত নৃত্য, বাগুৰুমবা নৃত্য, মাৰুলী নৃত্য আৰু ঝুমুৰ নৃত্য আদি পৰিবেশন কৰি অঞ্চলটোক সমন্বয়ৰ তীৰ্থভূমিত পৰিণত কৰে ৷

জনপ্ৰিয় কন্ঠশিল্পী সুজিত তচাৰ গীতৰ শৰাইয়ে পুৱতি নিশালৈকে শ্ৰোতা দৰ্শকৰ মন মুগ্ধ কৰে ৷

অনুষ্ঠানৰ কিছু দৃশ্য...