ছাগলী চোৰ কৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী...
ছাগলী চোৰ কৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী...  
শোণিতপুৰ

ছাগলী চোৰ কৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ খেৰবাৰিত ড্ৰাগছসহ আটক কৰা হৈছে ২ জন যুৱকক। দুই যুৱকে এ আৰ ০১ চি ৭৩৭৫ নম্বৰৰ এখন ৱেগ'নাৰ বাহনত ড্ৰাগছখিনি কঢ়িয়াই আনিছিল।

দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে পথৰ কাষৰ ছাগলী চোৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে ধৰা পৰে। জানিব পৰা মতে দলংগুৰি টেঙাবস্তিৰ সমীপৰ পথত ছাগলী দেখি ড্ৰাগছ সৰবৰাহকাৰী দুটাই ছাগলী দুটা গাড়ীত উঠোৱাৰ চেষ্টা কৰে।

সেই সময়তে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে তেওঁলোকৰ প্ৰত্যক্ষ কৰে। ইয়াৰ পিছত আৰক্ষীৰ সহযোগত গাঁওৰক্ষী বাহিনীয়ে ছাগলী চোৰ বুলি খেদি খেদি খেৰবাৰিত কৰায়ত্ত কৰে চোৰ দুটাক।

পিছত গাড়ীখনত ভালদৰে চোৱাত গাড়ীৰ ভিতৰত ড্ৰাগছ ভৰ্তি ৮ টাকৈ সৰু কন্টেইনাৰ উদ্ধাৰ কৰে। পিছত বালিচাং আৰক্ষীয়ে দুয়োটাকে আটক কৰি বালিচাং আৰক্ষী চকীলৈ লৈ আনে। আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুটা হ'ল বৰগাঙৰ ছাহিল আলি আৰু চৌকত আলি।