ধূলা কাণ্ডত মৃত্যু হোৱা আৰতি তুৰিৰ মাতৃক বিক্ৰী কৰিলে বহিঃ ৰাজ্যত !
ধূলা কাণ্ডত মৃত্যু হোৱা আৰতি তুৰিৰ মাতৃক বিক্ৰী কৰিলে বহিঃ ৰাজ্যত !  
শোণিতপুৰ

ধূলা কাণ্ডত মৃত্যু হোৱা আৰতি তুৰিৰ মাতৃক বিক্ৰী কৰিলে বহিঃ ৰাজ্যত !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্য কপাই যোৱা ধূলাকাণ্ডৰ পাৰ্শ্বক্ৰিয়া এতিয়াও মাৰযোৱা নাই। ধূলা কাণ্ডৰ আঁত ধৰিয়েই এটাৰ পিছত আন এটা ঘটনা সংঘটিত হৈ আহিছে।

এইবাৰ পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। অভিযোগ অনুসৰি ধূলা কাণ্ডত মৃত্যু হোৱা কিশোৰীগৰাকীৰ মাতৃক বহিঃ ৰাজ্যত বিক্ৰী কৰিলে মানৱ সৰবৰাহকাৰীয়ে ! শেহতীয়াকৈ এই ঘটনা পোহৰলৈ আহিছে।

বৃহস্পতিবাৰে মন্ত্ৰী অশোক সিংহালে প্ৰজা পথাৰ গাঁৱত উপস্থিত হৈ ধূলা কাণ্ডত মৃত্যু হোৱা আৰতি তুৰিৰ বাসগৃহত চৰকাৰে প্ৰদান কৰা এটা ঘৰ উদ্বোধনী কৰিছিল। সেই সময়ত ঘৰত নাছিল আৰতি তুৰিৰ মাতৃ।

ইফালে সেই অনুষ্ঠানতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ একাংশ কৰ্মীয়ে আগভেটি ধৰি বি টি আৰ প্ৰসংগত বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি অপদস্থ কৰিছিল মন্ত্ৰী অশোক সিংহালক।

পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে মন্ত্ৰী অশোক সিংহালে সেই স্থান এৰি পলায়ন কৰিবলগীয়া হয়। ইফালে আৰতি তুৰিৰ মাতৃ সেই সময়ত বাসগৃহত নথকাৰ বাবে যুৱ মৰ্চাই অনুসন্ধান কৰি গম পাই তেওঁক দিল্লীলৈ পঠিয়াই দিয়া হৈছে।

ইয়াৰ পিছতেই ঢেকিয়াজুলি আৰক্ষীয়ে মানৱ সৰবৰাহৰ অভিযোগত আজি অনিল এক্কা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ইফালে আৰক্ষীয়ে আটক কৰা অনিল এক্কা নামৰ ব্যক্তিজন আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মী।

যুৱ মৰ্চাৰ অভিযোগ মন্ত্ৰী অশোক সিংহালক আৰতি তুৰিৰ বাসগৃহত অপদস্থ কৰাৰ চেষ্টা চলোৱা আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীয়ে মানৱ সৰবৰাহৰ লগত জড়িত অনিল এক্কাক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে।

ইফালে ঢেকিয়াজুলি আৰক্ষী থানাত সাংবাদিকৰ আগত মানৱ সৰবৰাহৰ অভিযোগত অভিযুক্ত আছাৰ কৰ্মী অনিল এক্কাই প্ৰকাশ কৰা অনুসৰি আৰতি তুৰিৰ মাতৃক অনিল এক্কাৰ বায়েক অনিতা এক্কাই কাম কৰিবৰ বাবে দিল্লী লৈ গৈছিল।

উল্লেখ্য যে শুকুৰবাৰে ধূলা কাণ্ডৰে জড়িত ধূলা আৰক্ষী থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু তেওঁৰ পত্নীকো আয়তকৈ অধিক সম্পত্তিৰ এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।