শোণিতপুৰ

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ খেদা খালে প্ৰাৰ্থী প্ৰেমলাল গঞ্জু

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : নদুৱাৰ সমষ্টিৰ ভিন্ন প্ৰান্তত বুধবাৰে দলীয় কাৰ্যালয় মুকলি কৰি প্ৰচাৰ চলাই শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে ৷ প্ৰাৰ্থীগৰাকীয়ে লগত নেতা-কৰ্মীক লৈ চলোৱা প্ৰচাৰৰ সময়তে সমষ্টিটোৰ অন্তৰ্গত জামুগুৰিহাটৰ নিকটৱৰ্তী সংখ্যালঘু অধ্যুষিত লালটাপু অঞ্চলৰ লুঙীবজাৰত সংখ্যালঘু লোকৰ তীব্ৰ বাধাৰ সন্মুখীন হয় ৷

লালেটাপু অঞ্চলৰ লুঙীবজাৰ চেন্টাৰত একাংশ লোকে প্ৰাৰ্থীগৰাকীৰ সন্মুখতে “কংগ্ৰেছ গ’ বেক”, “বিজেপি জিন্দাবাদ”,“কংগ্ৰেছৰ কাম নাই” আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ অৱশ্যে আৰক্ষী প্ৰশাসনৰ উপস্থিতিত পৰিস্থিতি কিছু সাম কাটে যদিও বিজেপি সমৰ্থিত সংখ্যালঘু লোকসকলে প্ৰাৰ্থীগৰাকীৰ বাহনৰ পিছে পিছে পুনৰ শ্ল’গান দি অঞ্চলটিৰ পৰা প্ৰেমলাল গঞ্জুক বিদায় দিয়ে ৷