অশোক সিংহালৰ উপস্থিতিত ঢেকিয়াজুলিত বিজেপিৰ যোগদান কাৰ্যসূচী...
অশোক সিংহালৰ উপস্থিতিত ঢেকিয়াজুলিত বিজেপিৰ যোগদান কাৰ্যসূচী... 
শোণিতপুৰ

অশোক সিংহালৰ উপস্থিতিত ঢেকিয়াজুলিত বিজেপিৰ যোগদান কাৰ্যসূচী...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢেকিয়াজুলিঃ শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই বুধবাৰে দাখিল কৰিব মনোনয়ন পত্ৰ৷ ইয়াৰ পূৰ্বে ঢেকিয়াজুলিত আৰম্ভ হৈছে কংগ্ৰেছ দেলত খহনীয়া। ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহালৰ উপস্থিতিত মঙ্গলবাৰে কংগ্ৰেছকৰ্মীসহ বিভিন্ন দলৰ প্ৰায় ৩৬০ জন লোকে যোগদান কৰে বিজেপিত ৷

যোগদান কাৰ্যসূচীত অংশ লোৱা মন্ত্ৰী সিংহালে কংগ্ৰেছক শিপাৰ পৰা উভালি পেলুৱাৰ হুংকাৰ দিয়ে৷ উল্লেখযোগ্য যে, আজিৰ এই যোগদান কাৰ্যসূচীত সমষ্টিটোৰ অমিয়পুৰ, মাজৰৌমাৰী,চপাই, ৰাক্ষসমাৰী,গুপ্তেশ্বৰ, চিৰাজুলী,বৰভগীয়া আদি গাঁও পঞ্চায়ত এলেকাত কংগ্ৰেছ দলক নেতৃত্ব দিয়া সৰহ সংখ্যক তৃণমূলৰ নেতাই আহি বিজেপিত যোগদান কৰে।

এই সকলৰ ভিতৰত বিগত পঞ্চায়ত নিৰ্বাচনত গাঁও পঞ্চায়ত সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰতিদ্বন্দিতা কৰি পৰাজিত হোৱা বহু কেইজন কংগ্ৰেছ কৰ্মী, মণ্ডল সভাপতি, সম্পাদক, বুথ সমিতিৰ সভাপতি, সম্পাদক আদি আছে।