বিহু কৰ্মশালা
বিহু কৰ্মশালা 
শোণিতপুৰ

গহপুৰত বিহু কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল সংবাদ, গহপুৰঃ নঙলামুখত হেঁপাহৰ ৰঙালী । চৌদিশ ঢোলৰ গুমগুমনি । নাচনী, ঢুলীয়াৰ তত নাই গাঁত। আহিছে বহাগৰ বিহুটি।

বিহুটিত আদৰাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে । কুলি কেতেকীৰ লগতে কৰ্মশালাবোৰেও লৈ আহিছে বিহুৰ বতৰা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গহপুৰতো অনুষ্ঠিত কৰা হৈছে বিহু নাচৰ কৰ্মশালা ।

গহপুৰৰ বালিজান বিলতীয়াত জোনাকী নাট্য গোষ্ঠীৰ উদ্যােগত বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হয় । বহুসংখ্যক কণ কণ ঢুলীয়া-নাচনীয়ে অংশ লৈছে কৰ্মশালা খনিত ।