শোণিতপুৰ

ন্যায় যাত্ৰাত ভূপেন বৰাক আক্ৰমণ : বিশ্বনাথ জিলা কংগ্ৰেছৰ গৰিহণা

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সমগ্ৰ ভাৰততে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসম ভ্ৰমণৰ চতুৰ্থ দিনা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত সংঘটিত হ'ল এক নিকৃষ্ট কাণ্ড। ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ সন্মুখতে এচাম দুৰ্বৃত্তই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰহাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিশ্বনাথ জিলাৰ মুখপাত্ৰ তুষাৰ বৰাই।

বৰাই বিজেপি দলৰ উদণ্ড একাংশ সমৰ্থকে ভূপেন বৰাক দলবদ্ধভাৱে আক্ৰমণ কৰা ঘটনাক ধিক্কাৰ দিয়ে। তেওঁ লগতে কয় যে ইতিমধ্যে যোৱা কেইদিনত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ বেনাৰ পষ্টাৰ একাংশ উদণ্ড বিজেপি সমৰ্থকে ভাঙি দিছে তথাপি চৰকাৰ আৰু চৰকাৰ আৰু অসম আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰাত আৰক্ষী আৰু চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে।

মুখপাত্ৰ বৰাই ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায়। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । সমগ্ৰ ঘটনাৰ আঁৰত বিধায়ক পদ্ম হাজৰিকা থকাৰ সন্দেহ কৰি ঘটনাটো আৰক্ষীৰ পৰিৱৰ্তে ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰি বৰাই কয় যে, অন্যথা আৰক্ষীৰ দ্বাৰা তদন্ত কৰিলে প্ৰকৃত সত্য উদঘাটন সম্ভৱপৰ নহ'ব।