শোণিতপুৰ

বিশ্বনাথৰ দক্ষিণ ভিৰগাঁৱত ভোগালীক আদৰাৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ,বিশ্বনাথ : ভোগালী বিহুলৈ মাজত মাথো আৰু কেইদিনমানহে বাকী ৷ এতিয়া ৰাজ্যবাসীয়ে চলাইছে চেনেহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বিশ্বনাথৰ দক্ষিণ ভিৰ গাঁৱতো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি ৷

উৰুকাৰ নিশা পুৰুষ-মহিলা, যুৱক-যুৱতী সকলো মিলি মেজিঘৰৰ তলত লগে-ভাগে ভোজভাত খোৱাৰ প্ৰস্তুতি চলাইছে। সেই উদ্দেশ্যেই পথাৰৰ নৰা কাতি, খৰি ফালি আনন্দত আত্মহাৰা হোৱা দেখা গ’ল দক্ষিণ ভিৰগাঁৱৰ গাঁৱৰ পুৰুষ-যুৱকসকল ৷

দক্ষিণ ভিৰ গাঁৱৰ ৰাইজে পৰম্পৰাগতভাৱেই ভোগালী বিহুৰ উৰুকাৰ নিশা গাঁৱখনৰ সকলো মিলি ৰাজহুৱাকৈ মেজি ঘৰ সাজি ভোজভাত খোৱাৰ এই পৰম্পৰা ৰক্ষা কৰি অহা পৰিলক্ষিত হৈ আহিছে ৷