শোণিতপুৰ

অসম-অৰুণাচল সীমান্তত আছু'ৰ উদ্যোগত সুধাকণ্ঠক সুৱৰি 'সমন্বয়ৰ দিন' উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বালিচাং শাখা ছাত্ৰ সন্থাৰ লগতে বৃহত্তৰ লচমন বস্তি আৰু বালিচাং বাসীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰৰ পৰা অনুষ্ঠিত কৰা হয় ভাৰত ৰত্ন, অসম গৌৰৱ, বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু দিৱস উপলক্ষে “সমন্বয়ৰ দিন"।

উল্লেখ্য যে বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলন ভূমি দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা এই সমন্বয়ৰ দিনৰ প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰি সোমবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এই উপলক্ষে আছু'ৰ উদ্যোগত লচমনবস্তিৰ পৰা বালিচাং পৰ্যন্ত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিশিষ্ট সমাজসেৱক অকন শইকীয়াই। ইয়াৰ পিছতে সোমবাৰৰ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলক আদৰণী জনাই আছুৰ নেতা-কৰ্মীসকলে।

তাৰ পিছতে বিগত বৰ্ষৰ দৰে এই বাৰো সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে' গীতটি বড়ো, গাৰো, কাৰ্বি, চাহজনগোষ্ঠী, আদিবাসী, উড়ীয়া, নেপালী, মুণ্ডা, চাওতালী, পৰজা, ভোজপুৰী আৰু বাংলা ভাষাত পৰিৱেশন কৰাৰ উপৰিও সমবেত সহস্ৰাধিক লোকে অসমীয়া ভাষাত পৰিৱেশন কৰি শিল্পী গৰাকীক শ্রদ্ধা জনায়।