শোণিতপুৰ, বিশ্বনাথৰ ৪১ খন গাওঁ আনুষ্ঠানিকভাবে বিটিআৰত অন্তৰ্ভুক্তি...
শোণিতপুৰ, বিশ্বনাথৰ ৪১ খন গাওঁ আনুষ্ঠানিকভাবে বিটিআৰত অন্তৰ্ভুক্তি... 
শোণিতপুৰ

শোণিতপুৰ, বিশ্বনাথৰ ৪১ খন গাওঁ আনুষ্ঠানিকভাবে বিটিআৰত অন্তৰ্ভুক্তি...

Asomiya Pratidin

ডিজিটেল সংবাদ ওৰাংঃ ঐতিহাসিক বড়ো শান্তি চুক্তি মৰ্মে অৱশেষত প্ৰৰ্থম পৰ্যায়ত শোণিতপুৰ-বিশ্বনাথ জিলাৰ ৪১ খনকৈ গাওঁ আনুষ্ঠানিকভাবে বিটিআৰত অন্তৰ্ভুক্ত হ’ল৷ ঢেকিয়াজুলিৰ বাতাচিপুৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৪১ খন গাওঁৰ ৪১০ গৰাকী প্ৰতিনিধিক সম্বৰ্ধনা জনায় আদৰি ল’লে বিটিআৰত৷

ঢেকিয়াজুলিৰ বাতাচিপুৰত শোণিতপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ উদ্যোগত অনুষ্ঠিত হয় বিটিআৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৪১খন বড়ো গাওঁৰ ৪১০জন মুৰব্বীৰ সৈতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰে আলোচনা আৰু সম্বৰ্ধনা অনুষ্ঠান৷ বিটিআৰ চুক্তি মৰ্মে অসম চৰকাৰে জাৰি কৰা অধিসূচনা অনুযায়ী শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৪১ খন গাওঁ বিটিআৰত শেহতীয়াকৈ আনুষ্ঠানিকভাবে অন্তৰ্ভূক্ত হোৱাৰ পিছত ঢেকিয়াজুলিৰ বাতাচিপুৰৰ মিলন হাইস্কুল খেল পথাৰত এবছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান।

অনুষ্ঠানত ৪১ খন গাওঁৰ ৪১০ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনায় বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে৷ এই কাৰ্যসূচীৰ জৰিয়তে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৪১ খন গাওঁক বিটিআৰলৈ আকোঁৱালি লয় বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে৷

অনুষ্ঠানত তেওঁ কয়, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয়- বিটিআৰ চুক্তিৰ দ্বাৰা এই অঞ্চলৰ বড়ো ৰাইজে ন্যায় লাভ কৰিলে বুলি মই ভাবো৷ সুদীৰ্ঘ বছৰ ধৰি এই বৃহৎ অঞ্চলৰ ৰাইজে শিক্ষাৰ পৰা আৰম্ভ কৰি সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশত বঞ্চিত হ'বলগীয়া হৈছিল৷ এই চুক্তিৰ দ্বাৰা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে৷ এই গাওঁ কেইখনৰ বিভিন্ন সমস্যা, অভাৱ-অভিযোগসমূহ আমি বিটিআৰ চৰকাৰ হিচাপে তেখেতসকলৰ পৰা শুনিবলৈ আহিছো৷ তেখেতসকলে তেওঁলোকৰ সমস্যাসমূহ লিপিবদ্ধ কৰি আমাক অৰ্পন কৰিছে আৰু পৰৱৰ্তী সময়ত পৰ্যায় ক্ৰমে আমি এই সমস্যাসমূহ সমাধান কৰিম বুলি কয় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে৷

এই সভাত এবছুৰ সভাপতি দ্বীপেন বড়োও উপস্থিত থাকি কয়- বিটিআৰ শান্তিৰ চুক্তিৰ আধৰুৱা হৈ থকা দফাৰ লগতে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৬০০ৰ পৰা ৭০০খন বনাঞ্চলৰ গাওঁ, ৰাজহ গাওঁ, জনজাতি অধ্যুষিত গাওঁ বিটিআৰত অন্তৰ্ভুক্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে। সেই প্ৰতিশ্ৰুতিৰ আধাৰত ৪১ খন গাওঁ বিটিআৰত অন্তৰ্ভুক্তি হৈছে৷ কিন্তু ২০২৩ চনৰ ২৬ জানুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৬০ খন গাঁৱৰ ভিতৰত ৪১ খন গাওঁ বিটিআৰত অন্তৰ্ভুক্ত হ’ল যদিও ১৯ খন গাওঁ এতিয়া অন্তৰ্ভুক্ত হোৱা নাই৷ ইয়াৰ বাবে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৯খন গাওঁ বিটিআৰত অন্তৰ্ভুক্ত কৰি তেওঁ দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো ৰাইজৰ হৈ আমি দাবী জনাইছো বুলি কয় এবছুৰ সভাপতি দ্বীপেন বড়োৱে।

আনহাতে আগন্তক দিনত পৰ্যায় ক্ৰমে বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰা, বন অধিকাৰ আইন অনুসৰি চৰকাৰে বড়োসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰিছে সেয়া ক্ষীপ্ৰতাৰে কৰি যিসকলে ভূমিৰ অধিকাৰ পোৱা নাই সেইসমূহ পৰিয়ালক শীঘ্ৰেই ভূমিৰ অধিকাৰ দিয়াৰ দাবী জনায় এবছুৰ সভাপতি দ্বীপেন বড়োৱ।

উল্লেখ্য যে উক্ত সভাতেই বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত হোৱা শোণিতপুৰ -বিশ্বনাথ জিলাৰ ৪১খন গাঁৱৰ বাথৌ মন্দিৰ,ব্ৰহ্ম ধৰ্মৰ মন্দিৰ উন্নয়নৰ বাবে ২লাখ টকাকৈ আৰ্থিক অনুদান ঘোষণা কৰাৰ লগতে ১৩খন প্ৰাথমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেনীকোঠা নিৰ্মাণৰ বাবে ২০লাখ টকা, প্ৰাক্তন বিএলটি  বীৰ শীলাগাংৰ স্মৃতিত ৫ কোটি টকাৰে বাতাচিপুৰত নিৰ্মান হ'বলগীয়া ষ্টেডিয়ামৰ কথা ঘোষণা কৰাৰ লগতে বাতাচিপুৰ মডেল এম ই স্কুলৰৰ উন্নয়নৰ বাবে ২৫ লাখ টকা, ঢেকিয়াজুলি আঞ্চলিক বাথৌ মন্দিৰ নিৰ্মাণৰ বাবে ২৫ লাখ টকা আঁচনিৰ আধাৰশিলা উন্মোচন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে৷