অসম

যুৱ কৃষক শৰৎ বৰুৱাৰ ক’লা জিকাৰ কৃষিভূমিত উপস্থিত জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ চামধৰা গাঁৱৰ আদৰ্শ যুৱ কৃষক শৰৎ বৰুৱা। তেওঁ সুদূৰ নেডাৰলেণ্ডছৰ ক'লা জিকা নিজৰ মাটিত উৎপাদন কৰি বজাৰত বিশেষ সমাদৰ লাভ কৰে। যুৱ কৃষকগৰাকীৰ সফলতাৰ কথা বিভিন্ন সংবাদ সংস্থাত প্ৰকাশ পায়।

ইয়াৰ পাছতে আদৰ্শ যুৱ কৃষক গৰাকীৰ খেতিপথাৰত উপস্থিত হয় শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ। জিলা কৃষি বিভাগৰ এটি উচ্চ পদস্থ বিষয়াৰ দলক লগত লৈ যুৱ কৃষক গৰাকীয়ে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ক'লা জিকাৰ লগতে অন্যান্য খেতি পৰিদৰ্শন কৰি শোণিতপুৰ জিলাৰ উপায়ুক্তগৰাকী আপ্লুত হৈ পৰে ।

আনহাতে উপায়ুক্তগৰাকীয়ে যুৱ কৃষক শৰৎ বৰুৱাৰ লগতে গাঁৱখনৰ অন্যান্য খেতিয়কসকলেও জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰা কাৰ্যক প্ৰশংসা কৰে । তেওঁ অতি শীঘ্ৰে শোণিতপুৰ জিলা কৃষি বিভাগৰ সহযোগত তেজপুৰত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শাক পাচলিৰ লগতে ফলমূলৰ বিক্ৰীৰ এখন বজাৰ আৰম্ভ কৰাৰ কথাও প্ৰকাশ কৰে।

উল্লেখ্য যে জামুগুৰিহাটৰ চামধৰাৰ যুৱ কৃষক শৰৎ বৰুৱাই নিজৰ ৩ বিঘা মাটিত উৎপাদন কৰা সুদূৰ নেডাৰলেণ্ডছৰ ক'লা জিকাৰ বাতৰি অলপতে সম্প্ৰচাৰিত হৈছিল সংবাদ মাধ্যমত। আনহাতে জিলা উপায়ুক্ত গৰাকী এইদৰে শৰৎ বৰুৱাৰ খেতিপথাৰত আহি উপস্থিত হোৱাত উৎফুল্লিত আৰু যথেষ্ট প্ৰেৰণা লাভ কৰে আদৰ্শ যুৱ কৃষক এইগৰাকী শৰৎ বৰুৱাই ৷