অসম

সোনাৰিত পৌৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ সোনাৰি পৌৰসভাৰ কাৰ্য্যলয়ত মঙলবাৰে এ জে ৱাই চি পিৰ উদ্যোগত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । সোনাৰি পৌৰসভাৰ বিভিন্ন উন্নয়ন মূলক আচনি ধোদৰ‌আলিৰ দুযো কাষৰ নলা মেৰামতি , পৌৰ এলেকাৰ পথ নিৰ্মাণ , সৌৰ লাইট স্থাপনত পৌৰপতি গৰাকীয়ে নিজ ময়মতালিৰে কাম কৰি অহাৰ লগতে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি বৃহৎ অংকৰ ধন সৰলুকিৰ চেষ্টা চলাই আহিছে ।

বিভিন্ন সংবাদ মাধ্যমত পৌৰপতি গৰাকীয়ে কৰি থকা অনিময়ৰ বিষয়ে বাতৰি প্ৰকাশ হৈ অহাৰ পাছতো আজিকোপতি বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই উঠিছে দল সংগঠনৰ লগতে স্থানীয় ৰাইজ । পৌৰপতি গৰাকীয়ে চলাই অহা অনিয়মৰ এক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

লগতে সোনাৰিত এবছৰ পূৰ্বে পৌৰসভা গঠনৰ পাছতে পৌৰপতি গৰাকীয়ে পৌৰকৰ দুগুণ বৃদ্ধি কৰিছিল তাৰ পাছতে সোনাৰি কৰদাতা ৰাইজৰ ওপৰত পুণৰ ৰাজ্যজুৰি যি পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে তাৰ তীব্র বিৰুদ্ধ জনায় প্ৰতিবাদ সাব্যস্ত কৰে ।