অসম

শংকৰী‌ সংস্কৃতিৰ সাধক সোণাৰাম বৰাৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়া নিকটৱৰ্তী তুলসীমুখ নিবাসী শংকৰী সংস্কৃতিৰ সাধক, প্ৰবীণ শিক্ষাবিদ, নামাচাৰ্য সোণাৰাম বৰাৰ শুকুৰবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত বৰাৰ বয়স হৈছিল ৮৭ বছৰ।

বৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে। জীৱনৰ সুদীৰ্ঘ সময় শিক্ষকতাক ব্ৰত হিচাপে গ্ৰহণ কৰা প্ৰয়াত বৰাৰ শিক্ষানুৰাগ আৰু শিক্ষকতাক ন পুৰণি ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাৰে সোঁৱৰে।

১৯৩৫ চনৰ ২০ মে'ত তুলসীমুখ কোঁচ গাঁৱত জন্মগ্ৰহণ কৰা বৰাই কৈশোৰ অৱস্থাৰ পৰাই পৰম ব্ৰহ্ম সনাতন শ্ৰী বিষ্ণুৰ একনিষ্ঠ আৰু নিৰৱচ্ছিন্ন আৰাধনা আৰু সাধনাত ব্ৰতী হৈ পৰিছিল।‌ ইয়াৰ সমান্তৰালকৈ তেওঁ আছিল তুলসীমুখ মাধৱদেৱ হাইস্কুলৰ এজন অন্যতম প্ৰতিষ্ঠাপক তথা শিক্ষক।‌

তেওঁ একাধাৰে আছিল অসমীয়া আৰু ‌সংস্কৃত ভাষা চৰ্চাবিদ, শিক্ষাবিদ,‌ মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিৰ সাৱলীল ভাঙনি কৰোতা তথা সুবক্তা। প্ৰাঞ্জল ভাষাৰ লালিত্য,‌যথাবিহিত শব্দসম্ভাৰেৰে তেওঁ ঈশ্বৰৰ বাণীবোৰৰ ভাঙনি কৰিছিল।‌

অঞ্চলটোত মহাপুৰুষৰ ৰচিত নাট-ভাওনাৰ তেওঁ গুৰি-ধৰোঁতা, নাট-পৰিচালক তথা নৃত্য-নিৰ্দেশক।‌ গায়ন-বায়ন, সূত্ৰধাৰলৈকে সকলোতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল।‌ বৰগীত, ঘোষা, সংস্কৃত শ্লোক, লোকগীত পৰিৱেশনৰে তেওঁ অঞ্চলটোত সাংগীতিক প্ৰাণ প্ৰতিষ্ঠা কৰিছিল।‌

তাৰোপৰি খোল,‌তাল,মৃদংগ ,বাঁহী, নাগাৰাকে ধৰি প্ৰায় সকলোবোৰ বাদ্য,হাৰমনিয়াম,তবলা,গগণা, পেঁপা, সুতুলীকে আদি কৰি প্ৰায় ১৭ বিধ‌ সাংগীতিক বাদ্যযন্ত্ৰৰ তেওঁ আছিল নিপুণ বাদক ।‌ তেওঁ অসম সাহিত্য সভাৰ আজীৱন সভ্য, অসম নাট্য সন্মিলনৰ আজীৱন সভ্য তথা সন্মিলনৰ তৰফৰ পৰা "জ্যেষ্ঠ শিল্পী বঁটা"ৰে বিভূষিত ।

ইয়াৰোপৰি তেওঁ পূবেৰুণ কলা পৰিষদ,অসম‌‌ সাহিত্য সভাৰ তুলসীমুখ শাখাৰ‌ সভাপতি আৰু সম্পাদক,‌ মনচুন কলা পৰিষদ, অসম সাহিত্য সভাৰ দক্ষিণপাট শাখাৰ সম্পাদকৰ আসনো শুৱনি কৰিছিল। বৰাৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন ব্যক্তি, অনুষ্ঠান, প্ৰতিষ্ঠান, দল,সংগঠনৰ নেতৃবৃন্দ‌ই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত বৰাই দুই পুত্ৰ,কন্যাৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।