অসম

সোণতলীৰ সমাজকৰ্মী আব্দুল কৰিমৰ পৰলোকপ্ৰাপ্তি

Asomiya Pratidin

ডিজিটেল সংবাদ,সোণতলীঃ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলী পুৰানগাঁও নিবাসী সমাজকৰ্মী আব্দুল কৰিমৰ শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত মৃত্যু হয়। বাদ্ধৰ্ক্যজনিত কাৰণত নিজ বাসভৱনতে সমাজকৰ্মী কৰিমে জীৱন নাটৰ মেলানি মাগে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৬ বছৰ।

উল্লেখ্য যে, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ সহঃ অধ্যাপক ড° মুল্লুকচান বাবুৰ পিতৃ আছিল প্ৰয়াত আব্দুল কৰিম। মৃত্যুৰ সময়ত পত্নী, ৪ জন ল'ৰা, ৪জনী কন্যাসন্তানৰ লগতে বহু আত্মীয় স্বজন তথা নাতি-নাতিনী এৰি থৈ যায়।

আজি পুৱা ১০-৩০ বজাত মাহতলী কৱৰস্থান সহস্ৰাধিক গুনমুগ্ধৰ উপস্থিত সমাজকৰ্মী আব্দুল কৰিমৰ জানাজা সম্পন্ন হয় বুলি পৰিয়ালৰলোকে জনায় ৷