অসম

উচ্ছেদিত পৰিয়ালৰ মাজত কম্বল বিতৰণ সমাজকৰ্মী জিয়াউল ইছলামৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ পুহ মাহ চলি থকাৰ সময়তে মঙলবাৰে নিশা এজাক দোপাল পিটা বৰষুনৰ লগতে হঠাৎ নামি আহিছ প্ৰচণ্ড শীত। এই হাড় কঁপোৱা জাৰত সময়ত দুখীয়া নিচলা উচ্ছেদিত লোক সকলৰ গৰম কাপোৰৰ অভাৱত কষ্টকৰ হৈ পৰিছে জীৱন যাপন।

এনে সময়তে এই দৰিদ্ৰ লোক সকলৰ কাষত ঠিয় দিছে আলিটাঙনীৰ সমাজকৰ্মী জিয়াউল ইছলাম। ক্ষুদ্ৰ ব্যৱসায়ী তথা, সমাজকৰ্মী জিয়াউল ইছলামে আজি বটদ্ৰৱাৰ হাইডুবিৰ উচ্ছেদিত দুখীয়া পৰিয়াল সমূহৰ মাজত কম্বল বিতৰণ কৰে।

বুধবাৰে বিয়লি উচ্ছেদিত লোকসকলৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক একোখনকৈ উন্নত মানৰ কম্বল বিতৰণ কৰে। মুছফিকুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটিত হাইডুবিৰ উচ্ছেদিত দুখীয়া পৰিয়ালৰ লোক সকলে জিয়াউল ইছলামৰ মহানতাক শলাগ লোৱাৰ লগতে আশীৰ্বাদ প্ৰদান কৰে।

আৰু পঢ়ক: পাশৱিক! ডেকা সত্ৰাধিকাৰৰ কুঠাৰঘাতত প্ৰাণ গ'ল ভকতৰ