অসম

সৰ্প দংশনত মৃত্যুঃ ৩দিন বেজালিৰ অন্তত নদীত উটুৱাই দিলে মৃতদেহ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই চৰম লক্ষ্যত উপনীত হোৱাৰ পিছতো বৰ্তমানো একাংশ মানুহৰ মাজত বৰ্তি আছে ঘোৰ অন্ধবিশ্বাস।চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবাৰী আনন্দ নগৰত যোৱা ১৩ ছেপ্টেম্বৰত সৰ্প দংশনত মৃত্যু হয় মনমোহন নম:সুদ্ৰ নামৰ ৫৫ বছৰীয়া লোকজনৰ। বিয়লি নিজা ঘৰতে কাম কৰি থকা অৱস্থাত এডাল বিষাক্ত সাপে দংশন কৰিছিল লোকজনক।

লোকজনক ততাতয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও কিছু সময় পিছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে মনমোহন নম:সুদ্ৰক। চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পিছতো মৃত লোকজনৰ দেহত পুনৰ প্ৰাণৰ সঞ্চাৰ হোৱাৰ আশাত পৰিয়ালে আৰম্ভ কৰে বেজালিৰ চিকিৎসা।

অন্ধবিশ্বাসী পৰিয়ালটোৱে বিভিন্ন অঞ্চলৰ পৰা বেজ-কবিৰাজ মাতি আনি বহু জৰা-ফুকা কৰায়। অৱশেষত তিনিদিন ধৰি কবিৰাজী চিকিৎসাৰ পিছতো প্ৰাণ উভতি নহাত মুৰকত হাত দাঙিলে কবিৰাজে।

অৱশ্যে ইমান পিছতো আশা এৰি নিদিয়া পৰিয়ালৰ লোকে শনিবাৰে চিমেন নদীত উটাই দিলে মৃতদেহ। কলৰ ভূৰ বনাই নিয়ম-নীতিৰ মাজেৰে মৃতদেহ ভাঁহি যাবলৈ দিলে। মৃতদেহৰ লগত নাম ঠিকনা লিখি দি এক শোকাকুল পৰিবেশৰ মাজত দেহটো উটাই দিলে পৰিয়ালৰ লোকে।‌ লগতে কোনো লোকে জীয়াই তুলিবলৈ সক্ষম হলে উচিত পুৰস্কাৰ দিয়াৰো ঘোষণা কৰে পৰিয়ালটোৱে। আদৰৰ সদস্য জনক ক'ৰবাত কোনোবাই জীয়াই তুলিব পাৰে বুলি এতিয়াও প্ৰত্যাশা ৰাখিছে পৰিয়ালটোৱে।