অসম

জখলাবন্ধাত ড্ৰাগছসহ দুই যুৱক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ ড্ৰাগছসহ সৰবৰাহকাৰীক আটক। এই ঘটনা সংঘটিত হৈছে জখলাবন্ধাত। মঙলবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধাত স্থানীয় ৰাইজে দুই ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷

আটকাধীন যুৱক দুজন ক্ৰমে বিশাল বণিক আৰু পুতলা শৰ্মা। ৰাইজে ধৃত ড্ৰাগছ সৰবৰাহকাৰীদ্বয়ক জখলাবন্ধাৰ পদপথত আঠু কঢ়াই লপা-থপা দি আৰক্ষীক চমজাই দিয়ে ৷ ধৃত যুৱকদ্বয়ৰ জিম্মাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্ত্তি ৮ টা সৰু কন্টেইনাৰ আৰু ২ টা খালি কন্টেইনাৰ জব্দ কৰে ।