কাৰাগাৰৰ পৰা বাহিৰলৈ আহোঁতেই পুনৰ গ্ৰেপ্তাৰ শৃংখল চলিহাক...
কাৰাগাৰৰ পৰা বাহিৰলৈ আহোঁতেই পুনৰ গ্ৰেপ্তাৰ শৃংখল চলিহাক... 
শিৱসাগৰ

কাৰাগাৰৰ পৰা বাহিৰলৈ আহোঁতেই পুনৰ গ্ৰেপ্তাৰ শৃংখল চলিহাক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ গ্ৰেপ্তাৰ কৰিলে শৃংখল চলিহাক। শিৱসাগৰৰ এগৰাকী ব্যৱসায়ীৰ মুখত থুওৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কালিয়েই জামিন লাভ কৰিছিল যদিও আজি তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।

সেই জামিনৰ ভিত্তিতে আজি কাৰাগাৰৰ পৰা বাহিৰলৈ অহাৰ কথা আছিল শৃংখল চলিহা। কিন্তু পুৰণি গোচৰৰ দোহাই দি কাৰাগাৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়তে শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।

উল্লেখ্য কেইবাজনো সতীৰ্থৰ সৈতে বিহুৰ চান্দা তুলিবলৈ গৈ এজন ব্যৱসায়ীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল শৃংখল চলিহা। তাৰ মাজতে ব্যৱসায়ী অংকুশ কেডিয়াৰ মুখলৈ থুৱাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল শৃংখল বিৰুদ্ধে। সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।