শিৱসাগৰ

শিৱসাগৰৰ বকতাত পথৰ দাঁতিত উদ্ধাৰ অ' এন জি চি বেটেলিয়ন জোৱানৰ মৃতদেহ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : শিৱসাগৰৰ বকতাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পথৰ কাষৰ পৰা উদ্ধাৰ কৰা হৈছে এজন অ' এন জি চিৰ বেটেলিয়নৰ জোৱানৰ মৃতদেহ। জোৱানজন অ' এন জি চি ২৫ৰ বেটেলিয়ন আছিল।

শিৱসাগৰ জিলাৰ বকতা নাওহলীয়া গাঁৱত পথৰ কাষত বাইকসহ উদ্ধাৰ লোকজনৰ মৃতদেহ। লোকজন ডিব্রুগড়ৰ চাবুৱাৰ সঞ্জীৱ ফুকন বুলি চিনাক্ত কৰা হৈছে। সঞ্জীৱ ফুকনৰ মৃত্যুত এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।