সত্ৰাধিকাৰ, ক্ৰীড়া উদ্যোগী লক্ষ্মীকান্ত মহন্ত চিকিৎসাধীন...
সত্ৰাধিকাৰ, ক্ৰীড়া উদ্যোগী লক্ষ্মীকান্ত মহন্ত চিকিৎসাধীন... 
শিৱসাগৰ

সত্ৰাধিকাৰ, ক্ৰীড়া উদ্যোগী লক্ষ্মীকান্ত মহন্ত চিকিৎসাধীন...

Asomiya Pratidin

ডিজিটেল সংবাদ শিৱসাগৰঃ সত্ৰীয়া সংস্কৃতিৰ সাধক, প্ৰবীন ক্ৰীড়া উদ্যোগী, শিৱসাগৰৰ সমাজ জীৱনৰ পুৰুধা ব্যক্তি তথা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন ৷ শিৱসাগৰ জিলাৰ ৰজাবাৰী অঞ্চলত থকা চাওল্যুং চুকাফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ৰ আই চি ইউত তেওঁ ভৰ্তি হৈ আছে ৷ অৱশ্যে তেওঁৰ স্বাস্থ্য ক্ৰমাৎ উন্নত অৱস্থালৈ আহিছে ৷

উল্লেখ্য যে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত লক্ষ্মীকান্ত মহন্তই ৯০ বছৰত ভৰি দিয়াৰ বাবে শিৱসাগৰৰ জনসাধাৰণ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ সকলো দিশ সামৰি এখনি গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিছিল ৷ ইতিপূৰ্বে গ্ৰন্থৰ সম্পাদনা আৰু প্ৰিন্টিঙৰ কাম সম্পন্ন হৈ গৈছে ৷

গ্ৰন্থখনি অহা ১৯ নবেম্বৰৰ দিনটোত উন্মোচন কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল ৷ কিন্ত গ্ৰন্থ উন্মোচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত তেওঁক সাধাৰণ ৰোগৰ বাবে যোৱা এটা সপ্তাহৰ পূৰ্বে চাওল্যুং চুকাফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ 

১০ নবেম্বৰৰ দিনৰ ভাগত তেওঁক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ কথা আছিল ৷ কিন্ত উক্ত দিনা নিচেই পুৱাতে তেওঁ হৃদৰোগত আক্ৰান্ত হয় ৷ এই খবৰ বিয়পি পৰাৰ লগে লগেই তেওঁৰ শুভাকাংক্ষীসকল উদ্বিগ্ন হৈ পৰে ৷

উল্লেখ্য যে লক্ষ্মীকান্ত মহন্তই শিক্ষক হিচাপে সংস্থাপিত হৈছিল যদিও ক্ৰীড়া উদ্যোগ গঢ়াৰ পৰিকল্পনাৰে শিক্ষকৰ চাকৰি ত্যাগ কৰিছিল ৷ পাছত পৰিকল্পনা অনুসৰিয়েই লক্ষ্মীকান্ত মহন্তই যোৱাটো শতিকাৰ ষাঠিৰ দশকত শিৱসাগৰ চহৰৰ কে পি চাৰিআলিৰ সমীপত ইণ্ড্ৰষ্টীয়েল আৰ্ট নামৰ এক ক্ৰীড়া উদ্যোগৰ প্ৰতিষ্ঠান স্থাপন কৰে ৷

অসম গৌৰৱ নামৰ ফুটবল প্ৰস্তুত কৰি তেওঁ সমাদৰ লাভ কৰিছিল ৷ অসম গৌৰৱ ফুটবলৰ গুণগত মানদণ্ডক বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে স্বীকৃতি প্ৰদান কৰিছিল ৷

ফুটবল উপৰিও কেৰেম ব'ৰ্ড, বেডমিণ্টনৰ চাটলৰ লগতে বিভিন্ন ক্ৰীড়া সামগ্ৰী প্ৰস্তুত কৰিছিল ৷ বৰ্তমানো এই ক্ৰীড়া উদ্যোগ বৰ্তি আছে ৷ অত্যন্ত জনপ্ৰিয় ব্যক্তিগৰাকীৰ আশু আৰোগ্য কামনা কৰি জনসাধাৰণে প্ৰাৰ্থনা জনাইছে ৷