ঐতিহাসিক শিৱসাৰৰ সলনি হ'ব ৰূপ ! ৰংঘৰৰ দৰেই হ'ব তলাতল ঘৰ প্ৰকল্প...
ঐতিহাসিক শিৱসাৰৰ সলনি হ'ব ৰূপ ! ৰংঘৰৰ দৰেই হ'ব তলাতল ঘৰ প্ৰকল্প... 
শিৱসাগৰ

১২৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব ৰংঘৰ প্ৰকল্পঃ তলাতল ঘৰেও পাব নতুন ৰূপ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত হয় ঐতিহাসিক ৰংঘৰ প্ৰকল্পৰ চূড়ান্ত ৰূপ দিয়াৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, ৰাজহ মন্ত্ৰী যোগেন মহন, জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু, শিৱসাগৰৰ বিধায়ক অখিল গগৈ, নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া, আমুগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মুখ্যমন্ত্ৰীৰ উপদেষ্টা তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ কেইবাজনো শীৰ্ষ বিষয়া।

এই বৈঠকতে আজি অসম চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ৰংঘৰ আৰু ইয়াৰ পাৰিপাৰ্শ্বিক অঞ্চলৰ পৰ্যটনৰ বাবে কৰিবলগীয়া প্ৰকল্প সন্দৰ্ভত সবিস্তাৰে আলোচনা কৰা হয় আৰু এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰকল্পৰ সবিশেষ পাৱাৰ পইণ্ট প্ৰজেক্টৰৰ জৰিয়তে উপস্থিত বিধায়কসকলৰ আগত দাঙি ধৰা হয়।

ৰংঘৰ প্ৰকল্পৰ মাষ্টাৰ প্লেন

বৈঠকত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কেইবাটাও প্ৰস্তাৱ দাঙি ধৰে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সেই প্ৰস্তাৱসমূহ ১০০ শতাংশই মানি লোৱা বুলি মন্তব্য কৰিছে। বৈঠকত অখিল গগৈয়ে তেওঁৰ শিৱসাগৰ সন্দৰ্ভত বহু সপোনৰ বিষয়ে মুখ্যমন্ত্ৰীৰ সন্মুখত দাঙি ধৰাৰ কথা উল্লেখ কৰি কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই বিষয়বোৰ বুজি আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে।

বহুখিনি কামৰ আনুষ্ঠানিক প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে। আনহাতে এই বৈঠকতে ৰংঘৰ প্ৰকল্পৰ দৰেই তলাতল ঘৰ প্ৰকল্পও নিৰ্মাণ হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ জিলাৰ বিধায়কসকলক সন্মুখত প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি অখিল গগৈয়ে উল্লেখ কৰিছে। ৰংঘৰ প্ৰকল্পৰ পৰা এই তলাতল ঘৰ প্ৰকল্পলৈ হ’ব এটা বৃহৎ পথৰ কৰিডৰ।

ৰংঘৰৰ প্ৰৱেশ দুৱাৰখন হ'ব এনেকুৱা

ৰংঘৰ আৰু তলাতল ঘৰৰ মাজত হ’ব নতুন পথ তথা হেৰিটেজ ৱাক। অথবা ৰংঘৰ আৰু তলাতল ঘৰক সংযোগ কৰি নিৰ্মাণ হ’ব ৰ’পৱে। এই বিষয়ে এই বৈঠকত সিদ্ধান্ত লোৱা হৈছে।

সমান্তৰালকৈ বিধায়ক অখিল গগৈৰ দাবীৰ ভিত্তিত ঐতিহাসিক শিৱসাগৰত এটা বিমান বন্দৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰিয় চৰকাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে জিলাখনৰ উপায়ুক্তক বিমান বন্দৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি বিচাৰিবলৈও নিৰ্দেশনা প্ৰদান কৰিছে।

এই সন্দৰ্ভত অখিল গগৈয়ে সামাজিক মাধ্যমত লিখিছে- ''শিৱসাগৰ ভাৰত চৰকাৰৰ ঘোষিত আইকনিক চাইট।ৱৰ্ল্ড হেৰিটেজ চাইটৰ গৱেষণাৰ কামো আৰম্ভ হৈছে।চৰাইদেউ এবছৰৰ ভিতৰত ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণাৰ সম্ভাৱনা। তাতে শিৱসাগৰত আছে অ’এনজিচিৰ আসাম এচেটৰ মুখ্য কাৰ্যালয়।অসমীয়া জাতিৰ আটাইতকৈ ঐতিহ্যপূৰ্ণ ঠাইখনত এয়াৰ প’ৰ্ট লাগিবই। এয়া জাতিৰ প্ৰাপ্য।''

বৈঠকত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰংঘৰ প্ৰকল্পত অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ আৰ্হিত এটা সভাগৃহ নিৰ্মাণৰো প্ৰস্তাৱ আগবঢ়ায়। এই সভা গৃহত অসম বুৰঞ্জী সন্দৰ্ভত লেজাৰ থ্ৰীডি প্ৰেজেনটেশ্যনৰ জৰিয়তে পৰ্যটকসকলৰ সন্মুখত দাঙি ধৰাৰ উন্নতমানৰ ব্যৱস্থা কৰিবলৈও তেওঁ প্ৰস্তাৱ ৰাখে। এই প্ৰস্তাৱলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঁহাৰি জনাইছে।

উল্লেখ্য, প্ৰস্তাৱিত এই প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ১২৪ কোটি টকা। এই প্ৰকল্পৰ জৰিয়তে ৰংঘৰত নিৰ্মাণ কৰা হ’ব ৩ হাজাৰ লোক বহিব পৰাকৈ এম পি থিয়েটাৰ, থলুৱা শিপিনীসকলৰ উতপাদিত বস্ত্ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিক্ৰী কেন্দ্ৰ, থলুৱা আহাৰৰ সৈতে থকাৰ সুব্যৱস্থা সমৃদ্ধ আৱাসস্থলী।