ৰঙালী বিহু সন্মিলনৰ ব্যাপক প্ৰস্তুতি
ৰঙালী বিহু সন্মিলনৰ ব্যাপক প্ৰস্তুতি 
শিৱসাগৰ

মাইবেলা কৃষি পামত ৰঙালী বিহু সন্মিলনৰ ব্যাপক প্ৰস্তুতি...

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ অহা ৬ আৰু ৭ মে’ত চৰাইদেউ জিলাৰ মাইবেলা কৃষিপাম সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ১০১নং গ্ৰান্ট মাইবেলাবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰঙালী বিহু সন্মিলন ।

দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হ’বলগীয়া সন্মিলনখনৰ ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে ।

ইতিমধ্যে গ্ৰামাঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ আয়োজক সমিতিয়ে শ্ৰমদানৰে মঞ্চ, তোৰণকে মূল মণ্ডপ সাজু কৰি তুলিছে ৷

উদযাপন সমিতিৰ সভাপতি প্ৰদীপ বুঢ়াগোঁহাইয়ে জানিবলৈ দিয়া মতে, সন্মিলনীৰ প্ৰথম দিনা পুৱা বিহুৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণৰ পিচতেই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব ৷

শুভাযাত্ৰাৰ পাছতেই কণী যুঁজ প্ৰতিযোগিতা আৰু দুপৰীয়া মৌ-কুঁৱৰী ঢোল, পেপা,গগণাবাদন প্ৰদৰ্শন কৰা হব । দ্বিতীয় দিনা বিহু সন্মিলনৰ সৈতে সংগতি ৰাখি চিত্ৰাংকন, বিহুৱান, পিঠাপনা প্ৰতিযোগিতা অনুষ্ঠিত হব ৷

সন্ধিয়ালৈ আমন্ত্ৰিত হুঁচৰি আৰু জেংবিহু দলে বিহু প্ৰদৰ্শন কৰিব ৷ নিশালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব বুলি জনাইছে আয়োজক সমিতিয়ে ৷

বিহু সন্মিলনৰ ব্যাপক প্ৰস্তুতি