লাইখুঁটা স্থাপন
লাইখুঁটা স্থাপন  
শিৱসাগৰ

চৰাইদেউ মথুৰাপুৰ ব’হাগী উৎসৱৰ লাইখুঁটা স্থাপন ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰবাসী ৰাইজৰ সন্মিলিত প্ৰচেষ্টাত অনুষ্ঠিত হ’বলগীয়া চতুৰ্দশ বাৰ্ষিক ব’হাগী উৎসৱৰ শুকুৰবাৰে মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰা হয় ৷

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ১১ আৰু ১২ মে’ত মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনি আজি অনুষ্ঠানিকভাৱে স্হাপন কৰে উদযাপন সমিতিৰ সভাপতি জীতেন ৰাজকোঁৱৰে ৷

খুটা স্থাপনৰ পূৰ্বৰ মূহুৰ্ত

লাইখুঁটা স্থাপন অনুষ্ঠানত সম্পাদক জিন্টু গগৈক উদযাপন সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷ বিহুৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা বিহুৱান উত্তোলন, স্মৃতি তৰ্পণ, আৰু বৃক্ষৰোপণৰ পিছতেই বিহুৱান, চিত্ৰাংকন, ৰচনা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হব ৷

সন্ধিয়ালৈ আমন্ত্ৰিত হুঁচৰি আৰু জেংবিহু দলে বিহু প্ৰদৰ্শন কৰিব ৷ বিহুৰ দুয়োদিনৰ কাৰ্য্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তাই ৷