শিৱসাগৰ

নাভূত-নাশ্ৰুত! নাজিৰাত গুপ্তধনৰ সন্ধানত নৰবলিৰ চেষ্টা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : নাজিৰাৰ বিহুবৰত নাভূত-নাশ্ৰুত ঘটনা। গুপ্তধনৰ সন্ধানত নৰবলিৰ অপচেষ্টা চলোৱাৰ অভিযোগ এজন ব্যক্তিৰ বিৰুদ্ধে। অভিযুক্ত ব্যক্তিজনৰ নাম মোচোৱা মুণ্ডা বুলি জানিব পৰা গৈছে।

গুপ্তধনৰ সন্ধানত এগৰাকী যুৱতীক বলি দিয়াৰ চেষ্টা চলাইছিল ব্যক্তিজনে। ভীতিগ্রস্ত যুৱতীগৰাকীয়ে আৰক্ষীক অভিযোগ কৰাত পোহৰলৈ আহিছে এই ঘটনা। ঘটনাৰ পিছতেই পলাটক অৱস্থাত আছে অভিযুক্ত মোচোৱা মুণ্ডা।

উল্লেখ্য, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। অভিযুক্ত মোচোৱা মুণ্ডাক আটক কৰাৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।