শিৱসাগৰ

মথুৰাপুৰত শংকৰদেৱ শিশু নিকেতনত বালক সন্মিলন

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত সোণাৰি সংকুলৰ বালক সন্মিলনখন শনিবাৰে চৰাইদেউ জিলাৰ মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ হয়।

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, বিজ্ঞানৰ মডেল প্ৰদৰ্শন, বিভিন্ন প্ৰতিযোগিতা আৰু বালকসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন অনুষ্ঠানটো জীপাল কৰি তোলে৷ অনুষ্ঠানত সোণাৰি সংকুলৰ ৮খনকৈ শংকৰদেৱে শিশু নিকেতনৰ বালকসকলে অংশগ্ৰহণ কৰে ৷